ঘিলামৰা প্ৰেছ ক্লাবত লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যনিৰ্বাহক সভা

নিয়মীয়া বাৰ্তা, ১৭ জুন : লখিমপুৰ জিলাৰ সংবাদসেৱীসকলৰ উমৈহতীয়া মঞ্চ লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ অন্তৰ্গত ঘিলামৰা প্ৰেছ ক্লাবত আজি লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ তৃতীয়খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । জিলাখনৰ সাংবাদিকসকলৰ আৰ্থিক, সামাজিক আৰু বৃত্তিগত নিৰাপত্তা আৰু সুৰক্ষিত ভৱিষ্যতৰ হকে ঐক্যবদ্ধ স্থিতি গ্ৰহণ কৰি অহা লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ তৃতীয়খন কাৰ্যনিৰ্বাহক সভাত জিলাখনৰ সকলো প্ৰেছ ক্লাব, প্ৰেছ গীল্ডৰ গৰিষ্ঠসংখ্যক সভাপতি, সম্পাদক, জিলা কাৰ্যনিৰ্বাহক সদস্যকে ধৰি ডেৰ কুৰি সংবাদকৰ্মী উপস্থিত থাকে। ঘিলামৰা প্ৰেছ ক্লাবৰ স্থায়ী কাৰ্যালয়ত লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি শৈলেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত আৰু সম্পাদক মুকুল ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সদৌ অসম বার্তাজীৱী সংঘৰ প্ৰাক্তন সভাপতি টুটুমণি ফুকনে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে৷ সভাত জিলা বিষয়ববীয়াসকলক ঘিলামৰা প্ৰেছ ক্লাবৰ তৰফৰ পৰা ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে ঘিলামৰা প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি হিচাপে আন্ত:ৰাষ্ট্ৰীয় জ্যোতিষ শাস্ত্ৰৰ দ্বাৰা পৰিচালিত এক পৰীক্ষাত উত্তীৰ্ণ হৈ লখিমপুৰ জিলাৰ লগতে ঘিলামৰালৈকো গৌৰৱ কঢ়িয়াই অনা প্ৰণৱ (বাবুল) হাজৰিকাক চেলেং চাদৰ আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সদৌ অসম বার্তাজীৱী সংঘৰ উত্তৰ মণ্ডলৰ সম্পাদক জগত বৰা উপস্থিত থকা সভাত জিলা সংস্থাৰ নিৰ্ধাৰিত কৰ্মসূচী আৰু ভৱিষ্যত কাৰ্যপন্থা আৰু কৰণীয় সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰা হয় ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

Featured