মানকাচৰত নাবালিকাক যৌন নিৰ্যাতনৰ অপচেষ্টা

🔹 ৯ দিন উকলি যোৱাৰ পিছতো গ্ৰেপ্তাৰ নহ’ল অভিয়ুক্ত

নিয়মীয়া বাৰ্তা, ৩০ জুন : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত মানকাচৰ দাসপাৰাত এগৰাকী ৫০ বছৰীয়া ব্যক্তিৰ কামনাৰ বলি হ’ল এগৰাকী ৯ বছৰীয়া কিশোৰী। অভিযোগ কৰা মতে, যোৱা ২১ জুনত দাসপাৰা গাঁৱৰ নন্দ দাস নামৰ ব্যক্তিজনে টটো গাড়ীত সমনীয়াৰ সৈতে খেলি থকা এগৰাকী নাবালিকাক মুখ চেপি ঘৰ এটালৈ লৈ যায়। নাবালিকাগৰাকীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলায়। কিন্তু নাবালিকাগৰাকীৰ লগত খেলি থকা আন এগৰাকী কিশোৰীয়ে উক্ত ঘটনা ওচৰ-চুবুৰীয়াক অৱগত কৰাত অভিযুক্ত নন্দ দাসে নাবালিকাগৰাকীক এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে মানকাচৰ আৰক্ষী থানাত নন্দ দাসৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছে যদিও আৰক্ষীয়ে আজি ৯ দিন উকলি যোৱাৰ পিছতো অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি গাঁওখনৰ ৰাইজ উত্তেজিত হৈ পৰিছে। কাৰণ অভিয়ুক্তজনে নিশা হ’লেই নিজৰ ঘৰলৈ আহে আৰু কাহিলিপুৱা ঘৰৰ পৰা পলায়ন কৰে বুলি ভুক্তভোগী পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তৎসত্ত্বেও মানকাচৰ আৰক্ষীয়ে অভিযুক্তগৰাকীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা ঘটনাই তাৎপৰ্য বহন কৰিছে।

প্ৰেৰক ফাৰহাদ আহমেদ

Featured