অতুল–কেশৱ–ফণীৰ দৰে নেতাই বিক্রী কৰিছে অগপঃ নগেন ডেকা

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, উপ–সভাপতি ফণীভূষণ চৌধুৰীৰ দৰে নেতাই দলটো বিক্রী কৰি দিছে৷ সেয়ে আমি বিজেপি আৰু অগপ দল দুটাক জাতিটোৰ স্বার্থত প্রত্যাহ্বান জনাব লাগিব৷ –দুদিন পূর্বে এই আঞ্চলিক দলটোৰ হৈ কাম কৰা  আঞ্চলিকতাবাদী নেতা তথা নলবাৰীৰ প্রাক্তন আছু নেতা নগেন ডেকাই ৰাজ্যত নতুনকৈ আত্মপ্রকাশ কৰা অসম জাতীয় পৰিষদৰ এখন সভাত অংশ লৈ এই মন্তব্য কৰে৷ নলবাৰীৰ শংকৰদেৱ বিবাহ ভৱনত অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ আহ্বায়ক নগেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত অসম জাতীয় পৰিষদৰ নলবাৰী সমষ্টি আৰু মহিলা পৰিষদ সমিতি গঠন কৰা হয়৷ সভা উদ্বোধন কৰি অসম জাতীয় পৰিষদৰ কেন্দ্রীয় আহ্বায়ক অমল ডেকাই কয় যে অসম জাতীয় পৰিষদৰ ভিত্তি হ’ব সুস্থ জাতীয়তাবাদ৷ ২০২১ চনৰ নির্বাচনত সর্বভাৰতীয় দলসমূহক বিদায় দি দিছপুৰত এখন আঞ্চলিক দলৰ চৰকাৰ গঠন কৰিব লাগিব৷ তেতিয়াহে অসমীয়া জাতি পৰিত্রাণ পাব৷ ৰাইজৰ দলৰ লগতে সকলো সমভাবাপন্ন আঞ্চলিক দলৰে আলোচনা কৰি দিছপুৰত আঞ্চলিক দলৰ চৰকাৰ গঠন কৰাৰ ৰূপৰেখা প্রস্তুত কৰা হ’ব৷ সভাত নলবাৰী সমষ্টিত সুনীল ভূষণ চৌধুৰী, মাধৱ ডেকা, মছলিম আলী, গিৰীন শর্মা, মহেশ্বৰ কলিতা আৰু বাপন দাসক মুখ্য আহ্বায়ক হিচাপে লৈ এখন ৪৫জনীয়া সমিতি গঠন কৰা হয়৷ মহিলা পৰিষদ সমষ্টিত কবিতা ডেকা, জুমি বেগম, ভনীতা কলিতা আৰু চেহনাই আখতাৰক মুখ্য আহ্বায়কৰ দায়িত্ব দি এখন ২১জনীয় কমিটী গঠন কৰা হয়৷ ইপিনে, আজিৰ সভাত ভাৰতীয় জনতা পার্টীৰ হিতেশ মজুমদাৰ আৰু বিপিএফৰ ৰবীন বডোৰ নেতৃত্বত কেইবাগৰাকী লোকে অসম জাতীয় পৰিষদত যোগদান কৰে৷ সভাত অগপৰ জ্যেষ্ঠ নেতা সুনীল ভূষণ চৌধুৰী, যোগেশ শর্মা, দিদাৰ আলীকে আদি শতাধিক সদস্যই অসম জাতীয় পৰিষদত যোগদান কৰে৷ সভাত নলবাৰী জিলাৰ মুখ্য আহ্বায়ক ভূপেন তালুকদাৰ আৰু সুৰেন শর্মায়ো ভাষণ দিয়ে৷