মিছামাৰীত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা সভা

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ শোণিতপুৰৰ মিছামাৰীৰ বাঁহবেৰাত আজি আবেলি নাৰী নিৰ্যাতনৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। বাঁহবেৰা দুৰ্গাৰ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা সজাগতা সভাখন যুৱ সমাজকৰ্মী দিপাংকৰ চৌধুৰীয়ে সভাপতিত্বত কৰে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় স্থানীয় যুৱক ফজৰ আলিয়ে। সভাখন জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভ হয়। সভাখন সমাজ সেৱিকা চম্পা ব্ৰহ্মই উদ্বোধনী ভাষণ প্ৰদান কৰি কয় যে সাম্প্ৰতিক সময়ত নাৰীসকল মুঠেই সুৰক্ষিত নহয়, নাৰীসকলে নিজে নিজক সুৰক্ষিত কৰিব লাগিব, আমাৰ সমাজ চলি থকা অসামাজিক কাৰ্যকলাপ সমূহ মহিলাসকলে ৰোধ কৰিব লাগিব। বাঁহবেৰা সচেতন নাগৰিক মঞ্চৰ উদ্যোগত আৰু বাঁহবেৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত অনুষ্ঠিত নাৰী নিৰ্যাতনৰ সজাগতা সভাখনত বাঁহবেৰা অঞ্চলৰ কেইবাগৰাকী সমাজকৰ্মী, গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা অংশগ্ৰহণ কৰা সভাত স্থানীয় গৰিষ্ঠ সংখ্যক ৰাইজ মহিলা আদি উপস্থিত আছিল। সভাত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী বক্তাই কয় যে, ৰাজ্যখনত নাৰী নিৰ্যাতনৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। লম্পট চৰিত্ৰৰ লোকৰ দৃষ্টিৰ পৰা কণমানি শিশুৱেও সাৰি যোৱা নাই। অসূৰবোৰক নাশ কৰিব লাগিব। সভাত উপস্থিত থকা বাঁহবেৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ড০ বৈয়ন্তী কেওঁটে কয় যে পূৰ্বতে সুৰাৰ সেৱন কৰাটো বাদেই মদৰ ভাটিলৈ যাবলৈ সাহস কৰা নাছিল। এজন পুৰুষে এগৰাকী যুৱতীৰ হাতত ধৰিবলৈ সাহস কৰা নাছিল। কাৰণ সেই সময়ত সমাজে দোষী সাব্যস্ত লোকক ৰাজহুৱা ভাৱে উচিত শাস্তি প্ৰদান কৰিছিল। যাৰ বাবে সমাজত তেনে ঘটনা সংঘটিত হোৱা নাছিল। উচ্চ শিক্ষিত কলিকতা চহৰত এগৰাকী চিকিৎসক প্ৰথমতে ধৰ্ষণ কৰি নৃশংস ভাবে হত্যা কৰিছিল। এয়া অতি দুৰ্ভাগ্যজনক। অভিযুক্তসকলক কেতিয়াবা মুকলি আকাশৰ তলত ঘূৰি ফুৰাৰ বাবে সমাজত এনেদৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। এগৰাকী মহিলা আৰক্ষী বিষয়া আৰু এগৰাকী চিকিৎসকৰ যদি নিৰাপত্তা নাই তেতিয়াহলে ৰাজপথত ঘূৰি ফুৰা এগৰাকী সাধাৰণ যুৱতীৰ নিৰাপত্তা ক’ত থাকিব বুলি নিজৰ ভাষণত উল্লেখ কৰে ৷ শেষত ডা° মৌমিতা দেৱ নাথৰ সন্দৰ্ভত লিখা এটা কবিতা আবৃত্তি কৰি তেখেতে শ্ৰদ্ধাঞ্জলি জনায়। নাৰী নিৰ্যাতনৰ সন্দৰ্ভত দুলুমণি বৰা দাস কয় যে, মোৰ ছোৱালীজনী ঘৰৰ পৰা ওলাই যোৱাৰ পাছত ঘৰখনলৈ ঘুৰি আহিব নে নাই সেয়া মনত চিন্তিত হৈ থাকে। ধৰ্ষণ বা নাৰী নিৰ্যাতন হল সমাজৰ এটা ব্যাধী। সমাজৰ লোকসকলে এইবোৰ সমাজ ব্যৱস্থাৰে দূৰ কৰিব লাগিব। সকলো জাতি-জনগোষ্ঠীৰ মাজত বেয়া লোক থাকে ৷ তাহানিৰ দিনত সমাজত বেয়া কাম কৰা ব্যক্তিক সমাজৰ পৰা আতৰাই ৰাখিছিল। যাৰ বাবে সমাজখন সুন্দৰ ভাৱে চলি আছিল। আমাৰ অঞ্চলটোৰ যুৱকসকলক কাষৰ যুৱতীসকলক ভগ্নী দৃষ্টি কোণৰে চোৱাৰ পৰিৱেশ গঢ়ি তোলা কৰিব লাগিব। দুলুমণি বৰা দাসে লগতে কয়- বৰ্তমানৰ সময়ত নিজৰ কন্যাসন্তানটি সুৰক্ষিত কৰি ৰাখিবৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজিৰ সমাজ ব্যৱস্থাত ১৮ বছৰ হোৱাৰ লগে লগে পিতৃ মাতৃ সকলে নিজৰ ছোৱালীজনীক কেনেকৈ বিয়া দি আজৰি হ’ব পাৰি তাকে লৈ চিন্তিত হৈ পৰে। এগৰাকী যুৱতী নিচিন্ত মনেৰে পৰিৱেশ গঢ়ি তুলিব লাগে। মিছামাৰীৰ বাঁহবেৰাৰ এটি চাৰি বছৰীয়া কন্যাক ফুচুলাই ধৰ্ষণৰ অপেষ্টা চলাইছে। কেইজনমান লম্পট চৰিত্ৰৰ লোকৰ বাবে সমাজখন বিনষ্ট হৈ পৰে। সমাজখনত ইয়াৰ কু-প্ৰভাৱ পৰে। এগৰাকী যুৱতীক শিক্ষাৰে শিক্ষিত কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰে। নিজৰ কন্যাসন্তানটিক এগৰাকী প্ৰশাসনিক বিষয়া, অধ্যাপক, চিকিৎসক হবলৈ সাহস দিব লাগে। সমাজ ব্যৱস্থাত নাৰীসকলে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব। বাঁহবেৰা অঞ্চলত যাতে নাৰী নিৰ্যাতন, বাল্য বিবাহ, ধৰ্ষণ আদিৰ দৰে কাৰ্যকলাপ বন্ধ কৰিব লাগিব বুলি কয়। শৈক্ষিক সমাজত নাৰীসকল মুঠেই সুৰক্ষিত নহয়। অঞ্চলটোৰ বয়োজেষ্ঠ সমাজকৰ্মী নিৰ্মল চৌধুৰীয়ে কয় যে কোনো যুৱতীক অশালীন ব্যৱহাৰ কৰা অভিযুক্তজনক লগে লগে উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ৷ সমাজখন বিনষ্ট কৰা কোনো কথা লুকাই ৰাখিব নালাগে, নহ’লে সমাজখন একেবাৰে কলুষিত হৈ পৰিব। সজাগতা সভাত অংশগ্ৰহণ কৰি পবিত্ৰ নাথে কয় যে দিনক দিনে এটা সমাধান নোহোৱা ঘটনাই গা কৰি উঠিছে। নাৰী নিৰ্যাতন বা শিশু নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে অসম আৰক্ষী অধিক কঠোৰ হৈ পৰিছে। ধৰ্ষণ কাণ্ডত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। নাৰী বা শিশু নিৰ্যাতনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী গৰাকীয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি সভাত জানিবলৈ দিয়ে। বাঁহবেৰা অঞ্চলত অসামাজিক কাৰ্যকলাপ ৰোধ কৰাত গাঁওৰক্ষী বাহিনীয়ে নিজৰ ভূমিকা পালন কৰিব। যিখন দেশত দুৰ্গা-কালি পুজা কৰা হয় সেই দেশত নাৰী সুৰক্ষিত নহয়। আমাৰ মহিলা সকলে দুৰ্গা-কালিৰ ৰূপ ধাৰণ কৰিব লাগিব। অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী ভোলাৰাম ৰাউতীয়াই কয় যে মানুহ যদি শিক্ষিত নহয় তেতিয়াহলে মহিলাসকল কত সুৰক্ষিত হ’ব। এনেধৰণৰ সজাগতা সভা অনুষ্ঠিত কৰি কি লাভ হ’ব। আজিৰ যুগতো যদি সজাগতা সভা অনুষ্ঠিত কৰিবলগীয়া হয় তেতিয়াহলে আমাৰ সমাজখন কোন দিশে গতি কৰিছে সেয়া সহজে অনুমেয়। সজাগতা সভাখনিত শিক্ষক দিপচন্দ সৎনামী, আব্দুল জলিল আদিৰ লগতে সভাত উপস্থিত থকা বিনু সৎনামী আৰু জাহেৰা খাতুন আদি মহিলা দ্বয়ে ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত বাঁহবেৰা সমবায় সমিতিৰ সম্পাদক দিপক সৎনামী, চোভান আলি, সৰস্বতী দেৱী, জুনু ছেত্ৰী আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল। সজাগতা সভাখনত কিছুদিনৰ পূৰ্বে বাঁহবেৰা অঞ্চলত এটি কণমানি শিশুক ধৰ্ষণৰ অপচেষ্টাৰ চলোৱাৰ ঘটনাটোৰ সন্দৰ্ভত তীব্ৰ ভাষাৰে সকলোৱে একেমুখে গৰিহণা জনায় ৷

প্ৰেৰক বগা তপ্ন

Featured