বদৰুদ্দিন আজমল-ৰকিবুল হুছেইন চালানী মাছ : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

🎯 হাটশিঙিমাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ জোৰদাৰ প্ৰচাৰ অভিযান

🎯 মিত্ৰজোঁটৰ প্রার্থী জাবেদ ইছলামৰ সমৰ্থনত বিশাল নিৰ্বাচনী সভা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ এপ্ৰিলঃ এআইইউডিএফৰ বদৰুদ্দিন আজমলক চালানী মাছ বুলি আখ্যা দি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি ২নং ধুবুৰী লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্রার্থী জাবেদ ইছলামৰ সমৰ্থনত হাটশিঙীমাৰীত আজি এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে। তেওঁ কয় যে এআইইউডিএফ হ’ল চালানী মাছ, ১৫ বছৰে আপোনালোকে এই চালানী মাছৰ সোৱাদ ললে। চালানী মাছে বিগত ১৫ বছৰে একো কাম নকৰিলে। তেওঁ আৰু কয় যে আমাৰ ভাতৃ জাবেদ ইছলাম হল লোকেল মানুহ, এইবাৰ আপোনালোকে লোকেল মাছৰ সোৱাদ লওক। এতিয়া হাটশিঙীমাৰীত এটাই কথা যে ইয়াত লোকেল মাছৰ দাম বেছি। সেয়ে তেওঁ ইয়াৰ লোকেল মানুহ, জেহেৰুল ইছলাম চাহাবৰ পুত্ৰ জাবেদ ইছলামক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সকলোকে আহ্বান জনায়। এআইইউডিএফক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এআইইউডিএফৰ কৰ্মীসকল পগলা হ’বলৈ আৰম্ভ কৰিছে, আমাৰ মানুহক মাৰপিট কৰা আৰম্ভ কৰিছে। তেওঁলোকে হতাশাত ভুগি এই কাম কৰা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ইয়াৰ উচিত শিক্ষা সময়ত দিয়া হব বুলি মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে জাবেদ ইছলামক জিকাৰ বাবে আপোনালোকে ডেৰ লাখ ভোটৰ গেৰাণ্টি দিয়ক, আমি হাটশিঙীমাৰীক এটা ডাঙৰ পুৰস্কাৰ দিম। সভাত তেওঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনকো চালানী মাছ বুলি আখ্যা কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। হাটশিঙীমাৰীৰ বানপানী, মথাউৰিৰ সমস্যা সমাধানৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে ভাষণ দাঙি ধৰে। বিপুল সংখ্যক সংখ্যালঘু জনতাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে কয় যে যাৰ চৰকাৰ থাকে, তেওঁলোকৰহে কাম কৰাৰ ক্ষমতা থাকে। দিল্লীত আছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ, আকৌ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হব নৰেন্দ্ৰ মোদী। দিল্লীত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আৰু দিছপুৰত ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ- গতিকে আমাৰহে কাম কৰাৰ ক্ষমতা আছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ আৰু কয় যে আপোনালোকে কেৱল জাবেদ ইছলামক জিকাই দিয়ক, আমি আপোনালোকক ডাবল ইঞ্জিন চৰকাৰ দিম। এতিয়াতো ইয়াত একো নাই, কেৱল ৰেলগাড়ীখন এনেয়ে খাৰা হৈ আছে। ইয়াত দিল্লীৰ ইঞ্জিনো নাই, দিছপুৰৰ ইঞ্জিনো নাই। সেয়ে ইয়াত মথাউৰি ভাগিছে, কাম হোৱা নাই, ৰাস্তাৰ কাম হোৱা নাই। গতিকে মন্ত্ৰীগৰাকীয়ে জাবেদ ইছলামক হাটশিঙিমাৰীবাসীয়ে জিকাই দিল্লীলৈ পঠিয়ালে, ইয়াত দিল্লীৰ ইঞ্জিনৰ লগতে দিছপুৰৰ ইঞ্জিনো দি দিব বুলি কয়। ডাবল ইঞ্জিনে ইয়াত উন্নয়ন ক্ষীপ্ৰ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। এই অঞ্চলৰ উন্নয়নৰ বাবে মন্ত্ৰীগৰাকীয়ে ধুবুৰী-ফুলবাৰী সংযোগী দলং নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক চকা সমালোচনা কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাংসদ হৈ তেওঁ সমষ্টিটোৰ বাবে একো নকৰিলে বুলি মন্তব্য কৰে। আজি বিজেপি চৰকাৰে ধুবুৰীত মেডিকেল কলেজ বনালে। বদৰুদ্দিনে হোজাইত যেকেকৈ আজমল ফউণ্ডেচনৰ উদ্যোগত হাস্পতাল বনাইছে ধুবুৰীত কিয় তেনেকুৱা হাস্পতাল বনাব পৰা নাই বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। আজমলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে ধৰ্মৰ নামত ৰাজনীতি কৰিব নালাগে। তেওঁ ধৰ্ম কৰক, সেয়া ঠিক আছে, কিন্তু ধৰ্মৰ নামত ৰাজনীতি কৰিব নালাগে। ধৰ্মৰ নামত ৰাজনীতি কৰি ১৫ বছৰে তেওঁ একো নকৰিলে। গতিকে আজমলক ভোট দিলে এই অঞ্চলৰ কোনো উন্নয়ন নহব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উপস্থিত ৰাইজক তেওঁ হাতীৰ ছবিত জাবেদ ইছলামক ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। হাটশিঙিমাৰী জিলাত অসমৰ আটাইতকৈ বেছি দুখীয়া মানুহ আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে আজি ১০ বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰ চলালে। অসমত আমি ২০ লাখ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ বনালো। ইয়াৰ ভিতৰত ১১ লাখতকৈ বেছি মুছলমান মানুহৰ ঘৰ আমি বনাইছো। উল্লেখ যে মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে কালাপানীত আন এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ এই উন্নয়নমুখী যাত্ৰাৰ ফলত সকলো শ্ৰেণীৰ লোকৰ মাজতে বিজেপি চৰকাৰৰ নীতি-আদৰ্শৰ অভূতপূৰ্ব প্ৰসাৰ হৈছে, আজিৰ জনসভাত সংখ্যালঘু লোকসকলৰ বৃহৎ সংখ্যাত অংশগ্ৰহণেই ইয়াৰ প্ৰমাণ দাঙি ধৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। সভাত মন্ত্ৰী কেশৱ মহন্ত, দলৰ প্ৰাৰ্থী জাবেদ ইছলাম প্ৰমুখ্যে দুয়োটা দলৰে কাৰ্যকৰ্তাসকল উপস্থিত থাকে৷

Featured