বাইহাটা চাৰিআলিত বিশেষ সম্প্ৰদায়ৰ যুৱকৰ কিশোৰী ধৰ্ষণৰ অপচেষ্টা

নিয়মীয়া বাৰ্তা, ২৯ জুন : বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ভোমোলাহাটী গাঁৱত এগৰাকী কিশোৰীক দুই উদণ্ড যুৱকে ধৰ্ষণৰ অপচেষ্টা চলোৱা এক ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰামতে যোৱানিশা গাঁওখনৰ এটা পৰিয়ালত কোনো নথকাৰ সুযোগ লৈ একেখন গাঁৱৰে মুছলিম চুবুৰীৰ দুই দুৰ্বৃত্তই ভাৰাতীয়া পৰিয়ালটোত প্ৰবেশ কৰে আৰু প্ৰায় ১৩ বছৰ বয়সৰ কিশোৰীগৰাকীক ধৰ্ষণৰ প্ৰচেষ্টা চলায়৷ অৱশ্যে উক্ত সময়তে কিশোৰীগৰাকীৰ পিতৃয়ে কন্যাৰ চিঞৰ বাখৰ শুনি ওচৰত আহি যুৱকদ্বয়ক বাধা দিবলৈ চেষ্টা কৰে৷ কিন্তু পুৰ্বৰে পৰা বিভিন্ন অসামাজিক কামকাজৰ লগত জড়িত দুয়োজন যুৱকে কিশোৰীগৰাকীৰ পিতৃক মাৰপিট কৰা আৰম্ভ কৰে। লগে লগে ওচৰ চুবুৰীয়া তথা স্থানীয় ৰাইজে আহি বিষয়টোত বাধা প্ৰদান কৰি যুৱক দুয়োজনক উত্তম মাধ্যম শোধাই এজনক আটক কৰিবলৈ চেষ্টা কৰে যদিও এজন দুৰ্বৃত্ত পলাই যাবলৈ সক্ষম হয় ৷ জানিব কৰা মতে এই অপৰাধৰ সৈতে জড়িত দুই অপৰাধী যথাক্ৰমে আবুল কালাম ওৰফে হাতেমউল্লা আৰু আচিফ চৌধুৰী ওৰফে জালে। ইয়াৰে আবুল কালাম ওৰফে হাতেমউল্লাৰ ৰাইজে কৰায়ত্ত্ব কৰি নিশাৰ ভাগতে বাইহাটা চাৰিআলি থানাৰ আৰক্ষীক চমজাই দিয়াৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে৷ আনজন অপৰাধী আছিফ চৌধুৰী সম্প্ৰতি পলাতক৷ ইপিনে ভুক্তভোগী কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰন কৰা হয়।

প্ৰেৰক লক্ষী ডেকা

Featured