বজালী সাহিত্য কলা পৰিষদৰ অভিনন্দন ২০২৪ অনুষ্ঠানত কীৰ্তিমানক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২১ জুলাই : আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ গৰিমা অৱনমিত কৰা কোনো কামকে প্ৰশ্ৰয় দিয়া অনুচিত৷ তেওঁলোকে শিক্ষাৰ সমান্তৰালকৈ সমাজ সংস্কাৰতো আত্মনিয়োগ কৰিব লাগিব৷ তেতিয়াহে তেওঁলোকৰ শিক্ষাই প্ৰকৃত মৰ্যাদা লাভ কৰিব৷- এই গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ আজি বজালী জিলাৰ নিত্যানন্দস্থিত বজালী সাহিত্য কলা পৰিষদৰ উদ্যোগত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়৷ চলিত বৰ্ষত বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিত্যানন্দ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা কৃৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে ক্ষেত্ৰ বিষয়ক বিভিন্ন দক্ষ ব্যক্তিক অভিনন্দন জ্ঞাপন কৰা “অভিনন্দন ২০২৪” শীৰ্ষক এক অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ বজালী সাহিত্য কলা পৰিষদৰ সভাপতি দীনেশ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত মন্ত্ৰী দাসে নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি গুৰুত্বপূৰ্ণ আৰু মূল্যৱান ভাষণ আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত কিবা বাধাৰ সৃষ্টি হ’লে তেওঁ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে সফলতা লাভ কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ উপৰি আগন্তুক দিনত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি আশীৰ্বাদ দিয়ে৷ নিত্যানন্দৰ দৈনিক বজাৰ গৃহত অনুষ্ঠিত আৰু ভূপেশ খাটনিয়াৰে আঁত ধৰা অনুষ্ঠানটোত অসম সৌৰভ বঁটাপ্ৰাপক তথা আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, নিত্যানন্দ আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি মনোজ চৌধুৰী, পাঠশালা উদয়ন সংঘৰ সভাপতি ৰুবুল শৰ্মা, পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ গোস্বামী, বজালী জিলাৰ নিৰ্বাচনী বিষয়া হিয়া মেধি, নিত্যানন্দৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য বন্দনা দেৱী চৌধুৰী, বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰীধৰ চৌধুৰী, বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ফুলেন পাঠক, সমাজকৰ্মী বিপুল দেৱ চৌধুৰী, জ্যেষ্ঠ শিক্ষক তিলক চন্দ্ৰ মেধিসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ এই অভিনন্দন অনুষ্ঠানত লোক-সংগীত ভাস্কৰ তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ বসন্ত পাটগিৰি আৰু আদৰ্শ কৃষক ৰামনাথ চৌধুৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত নিত্যানন্দ অঞ্চলৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসীম মজুমদাৰ, বিক্ৰমজ্যোতি বৰুৱা আৰু হৃদয় তালুকদাৰক উষ্ণ অভিনন্দন জনোৱাৰ লগতে বজালীৰ বিভিন্ন প্ৰান্তৰ ২০২৪ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৫২গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ বজালী সাহিত্য কলা পৰিষদৰ সহঃ সম্পাদক কমল কুমাৰ চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিৰ আৰম্ভণিতে পুৱাৰ ভাগত বজালী সাহিত্য কলা পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ সভাপতি দীনেশ দাসে৷ ইয়াৰ পিছতে বজালী সাহিত্য কলা পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি স্বভাৱকবি কালিদাসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে পৰিষদৰ সম্পাদক হেমাংগ দেৱচৌধুৰীয়ে, শ্বহীদ তৰ্পণ কৰে শাৰীৰিক নিৰ্দেশক মুনীন্দ্ৰ দাস, সাংস্কৃতিক কৰ্মী সমুদ্ৰ মেধি আৰু জয়ন্ত হাজৰিকা সোঁৱৰণী সংঘৰ সম্পাদক দিলীপ দাসে৷

প্ৰেৰক কল্যাণ কলিতা

Featured