নূপুৰ শৰ্মাৰ সমৰ্থনকাৰীক হত্যাকাণ্ডৰ প্ৰতিবাদত যোগীঘোপাৰ নয়াগাঁৱত বজৰং দলৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৯ জুনঃ নূপুৰ শৰ্মাক সমৰ্থন কৰা ৰাজস্থানৰ উদয়পুৰৰ হিন্দু সম্প্ৰদায়ৰ দৰ্জী কানহায়া লালক দিন দুপৰতে নৃসংশভাবে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত আজি বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত নয়াগাঁৱত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয়  বজৰং দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিয়ে আজি আবেলি যোগীঘোপাৰ নয়াগাঁৱত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।সংগঠনটোৰ প্ৰায় শতাধিক নেতা কৰ্মীয়ে হাতে হাতে নিচান বেনাৰ লৈ কেৰখাবাৰী দিশৰ পৰা সমদল কৰি আহি নয়াগাঁৱ বজাৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । প্ৰতিবাদকাৰী সকলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি নুপূৰ শৰ্মা জিন্দাবাদ ,ভাৰত মাতা কি জয়, জেহাদী হুচিয়াৰ, জয় শ্ৰীৰাম আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । ঘটনাস্থলীত যোগীঘোপা আৰক্ষীৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

Featured