অসম ছাত্ৰ পৰিষদৰ দখলত বঙাইগাঁও কলেজ ছাত্ৰ একতা সভা

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ বঙাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয়লাভ। অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে আটাইকেইটা পদতে জয় লাভ কৰিবলৈ সক্ষম হৈছে৷ ছাত্ৰ একতা সভাৰ এঘাৰ পদৰ ভিতৰত ন টাকৈ পদতে বিনাপ্ৰতিদ্বন্দ্ব্বিতাৰে জয়লাভ কৰাৰ বিপৰীতে বাকী দুটা পদৰ বাবে হোৱা নিৰ্বাচনত ছাত্ৰ পৰিষদে জয় লাভ কৰিবলৈ সক্ষম হয়৷ ভোট গ্ৰহণৰ অন্তত নিৰ্বাচনত ফলাফল ঘোষণাৰ পিছতে শিক্ষানুষ্ঠানখনৰ চৌহদত আনন্দৰ বন্যা বৈ যায়৷ ছাত্ৰ-ছাত্ৰীসকলে ৰং খেলি, ফটকা ফুটাই আনন্দ ফুৰ্তি কৰা পৰিলক্ষিত হয়৷ বিনাপ্ৰতিদ্বন্দ্বীতাই নিৰ্বাচিত হোৱাসকল ক্ৰমে সভাপতি ফিনুৱেল নাৰ্জাৰী, সাধাৰণ সম্পাদক বিবেক সিংহ, সহকাৰী সাধাৰণ সম্পাদক ওমকাৰ ৰায়, ক্ৰীড়া সম্পাদক মৃগাংক সেন, সাহিত্য সম্পাদক সত্যব্ৰত বিশ্বাস, সুকুমাৰ কলা বিভাগৰ সম্পাদিকা সাহিবা মহতো, তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদিকা আৰিফা ছিদ্দিকি, ছাত্ৰ জিৰণি চ’ৰা বিভাগৰ সম্পাদক আব্বাছ আলি, ছাত্ৰী জিৰণি চ’ৰা বিভাগৰ সম্পাদিকা প্ৰযুক্তা ঘোষ নিৰ্বাচিত হয়৷ একেদৰে উপ সভাপতি আৰু সমাজ সেৱা বিভাগৰ সম্পাদকৰ পদৰ বিপৰীতে হোৱা নিৰ্বাচনত ক্ৰমে ৰূদ্ৰমণি ৰায় আৰু হিমানজিৎ চৌধুৰীয়ে জয়লাভ কৰে। ফলাফল ঘোষণাৰ পিছতে বিজয়ীসকলক লৈ ছাত্ৰ-ছাত্ৰীসকলে হৰ্ষোল্লাসৰ মাজতে শিক্ষানুষ্ঠানৰ পৰা কৃষ্টি বিকাশ সংঘলৈ সমদল উলিয়ায়৷ সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত হৈ বিজয়ী এঘাৰ গৰাকী প্ৰাৰ্থীকে গামোছা পিন্ধাই আদৰণি জনায়। সাংসদ চৌধুৰীয়ে বিজয়ী প্ৰাৰ্থী আৰু অসম ছাত্ৰ পৰিষদৰ নেতৃবৰ্গক শুভেচ্ছা জ্ঞাপন কৰি সেৱাৰ মনোভাৱৰে কাম কাজ কৰিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে বিগত বৰ্ষসমুহৰ দৰে এইবাৰো মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাখন অসম ছাত্ৰ পৰিষদে নিজৰ দখলত ৰাখিবলৈ সক্ষম হয় ৷ আঞ্চলিকতাবাদী শিবিৰৰ দূৰ্গ হিচাপে পৰিচিত বঙাইগাঁৱত জ্যেষ্ঠ অগপ নেতা ফণীভূষণ চৌধুৰীৰ ওপৰত নৱপ্ৰজন্মই পুনৰবাৰ আস্থা ব্যক্ত কৰা পৰিলক্ষিত হয়।
প্ৰেৰক উপানন্দ শৰ্মা
Featured