মাত্র ২৫০০ টকা দিয়েই ভাৰতত প্রৱেশ কৰে বাংলাদেশীয়ে

🔹 অস্থিৰ বাংলাদেশ

🔹 উন্মুক্ত ভাৰত–বাংলাদেশ সীমান্ত, সুযোগ লৈছে বাংলাদেশীয়ে

🔹 ধুবুৰীত আটক হোৱা মহিলাৰ বিস্ফোৰক স্বীকাৰোক্তি

🔹 আলী হুছেইন-হালিম নামৰ দুই দালালে ১৬ বাংলাদেশীক প্রৱেশ কৰোৱালে অসমত

বিশেষ বাৰ্তা, ২০ আগষ্ট : বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ এতিয়া হোৰাহোৰে অসমত প্রৱেশ কৰিবলৈ লৈছে বাংলাদেশী নাগৰিক৷ মুখ্যতঃ ধুবুৰীৰ ভাৰত–বাংলাদেশ সীমান্তৰে অসমত প্রৱেশৰ সুযোগ লোৱা বাংলাদেশী নাগৰিকৰ এনে অনুপ্রৱেশে পুনৰ ৰাজ্যখনলৈ কঢ়িয়াই আনিছে এক অশনি সংকেত৷ ধোবাংবাং সীমান্তৰে এতিয়া চুবুৰীয়া দেশখনৰ পৰা অবৈধভাৱে নাগৰিকৰ প্রৱেশ কার্যতঃ প্রায় স্বাভাৱিক প্রক্রিয়াৰ দৰে হৈ পৰিছে৷ একাংশ দালালৰ জৰিয়তে বাংলাদেশী নাগৰিকে অসমত প্রৱেশ কৰাৰ শেহতীয়া ঘটনা সংঘটিত হ’ল ধুবুৰী চহৰৰ মাজমজিয়াৰ বৰলুইতৰ যোগামায়া পাৰঘাটত৷ বাংলাদেশৰ পৰা অবৈধভাৱে অসমত প্রৱেশ কৰা এগৰাকী বাংলাদেশী মহিলাক অসম আৰক্ষীয়ে আটক কৰাৰ পাছতেই পোহৰলৈ আহিছে অনুপ্রৱেশকাৰীৰ আন এক ভয়াৱহ ছবি৷ উল্লেখ্য যে দালালৰ জৰিয়তে অসমত প্রৱেশ কৰা এইগৰাকী বাংলাদেশী মহিলাই ভাৰতৰ আলী হুছেইন আৰু বাংলাদেশৰ হালিম নামৰ দুজন দালালক ২৫০০ বাংলাদেশী মুদ্রা প্রদান কৰিয়েই ভাৰতত প্রৱেশ কৰিবলৈ সক্ষম হৈছে৷ কালি নিশা অসম আৰক্ষীয়ে ধুবুৰীত আটক কৰা ঢাকা ডিভিজনৰ লিপি আখতাৰ নামৰ এই বাংলাদেশী মহিলাগৰাকীক ইতিমধ্যে অসম আৰক্ষীয়ে বাংলাদেশী কর্তৃপক্ষক ঘূৰাই দিছে৷ প্রাথমিক তদন্তত প্রকাশ পোৱা অনুসৰি লিপি আখতাৰে ২৪ ঘণ্টাতকৈ অধিক সময় বাছ আৰু নাও যাত্রাৰ পাছত ১৮ আগষ্টৰ পুৱতি নিশা দক্ষিণ শালমাৰাৰ সুখচৰত খোজকাঢ়ি ভাৰতীয় ভূখণ্ডত প্রৱেশ কৰিছিল৷ সুখচৰৰ এটা ঘৰত আশ্রয় লোৱাৰ অন্তত নাৱেৰে ধুবুৰীলৈ গৈছিল, য’ত মহিলাগৰাকী অসম আৰক্ষীৰ হাতত ধৰা পৰে৷ বাংলাদেশৰ পৰা শেহতীয়াকৈ অবৈধভাৱে বহু নাগৰিকে অসমত প্রৱেশৰ চেষ্টা অব্যাহত ৰাখিছে৷ কালিৰ এই ঘটনা সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো সামাজিক মাধ্যমযোগে বাংলাদেশী নাগৰিকৰ প্রৱেশৰ তথ্য দাঙি ধৰিছে৷ পৰিতাপৰ বিষয়টো হ’ল যে লিপি আখতাৰে যি দুজন দালালৰ সহযোগত অসমত প্রৱেশ কৰিছে, এই দুয়োজন দালালে মহিলাগৰাকীৰ লগতে ১৬জন বাংলাদেশী নাগৰিকক অসমত প্রৱেশ কৰাবলৈ সক্ষম হৈছে৷ ইতিমধ্যে আলী হুছেইন নামৰ দালালজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীৰ তথ্য অনুসৰি আলী হুছেইনৰ লগত থকা আন দুই দালালে বাংলাদেশীকেইজনক অসমলৈ আনি সুখচৰৰ হাজিৰহাট এলেকাত থকা নিজৰ ঘৰত আশ্রয় দিছিল৷ অভিযোগ অনুসৰি, শিশু অপহৰণ কৰি হত্যাৰ গোচৰত ইতিমধ্যে মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল আলী হুছেইনক৷ তদুপৰি আলীৰ বিৰুদ্ধে হাজিৰহাটত আন এজন লোকক হত্যা কৰাৰো অভিযোগ আছে৷ বাংলাদেশত চোৰাং চেনি, গৰু সৰবৰাহ আদি ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ আছে এইজন আলীৰ বিৰুদ্ধে৷ কালি সন্ধিয়া যোগমায়া ঘাটত বাংলাদেশী মহিলাগৰাকীক গ্রেপ্তাৰৰ পাছত ক্রমাৎ অধিক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ বিগত সময়ছোৱাত এনে বহু দালালে বাংলাদেশী নাগৰিকক ব্রহ্মপুত্র নদীপথেৰে অসমত প্রৱেশ কৰোৱাই আহিছে৷ লিপি আখতাৰ নামৰ বাংলাদেশী মহিলাগৰাকী আটক হোৱাৰ পাছত আন ১৬জন বাংলাদেশী ক’ত আছে, তাক লৈও আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান৷ উল্লেখ্য যে সীমান্তত থকা বিএছএফৰ ২৪ ঘণ্টীয়া অতন্দ্র পহৰাৰ মাজতেই বাংলাদেশী নাগৰিকৰ এটা দলে কিদৰে ভাৰতত প্রৱেশ কৰিবলৈ সক্ষম হ’ল, তাক লৈ উত্থাপন হৈছে প্রশ্ন ৷ সমান্তৰালকৈ সীমান্তত থকা বিএছএফত স্মার্ট ফেন্সিং ব্যৱস্থাপনাৰ কার্যকাৰিতাৰ ওপৰতো উত্থাপিত হৈছে প্রশ্ন ৷ নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মুঠ ১৩৪.৫ কিলোমিটাৰ ভাৰত–বাংলাদেশ সীমান্তৰ ৪৪ কিলোমিটাৰেই হ’ল উন্মুক্ত নদী সীমান্ত৷ মন কৰিবলগীয়া যে ধুবুৰী সীমান্তৰে বাংলাদেশী নাগৰিকৰ অনুপ্রৱেশ অব্যাহত থকাৰ সময়তে ত্রিপুৰা সীমান্তৰেও বাংলাদেশী নাগৰিকে অসমত প্রৱেশৰ চেষ্টা অব্যাহত ৰাখিছে৷ দেশৰ বিভিন্ন ৰাজ্যত কাম দিয়াৰ প্রলোভনেৰে বৃহৎ ধনৰ বিনিময়ত বাংলাদেশী নাগৰিকক একাংশ দালালে অসমত প্রৱেশ কৰোৱাই চেন্নাই, হায়দৰাবাদ, মুম্বাই, বেংগালুৰু আদিলৈ প্রেৰণ কৰি আহিছে৷ তেনেদৰে ত্রিপুৰা সীমান্তৰে অসমত প্রৱেশ কৰা তিনি বাংলাদেশীক অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমযোগে এই তিনিগৰাকী বাংলাদেশীক আটক কৰি আৰক্ষীয়ে ঘূৰাই পঠিওৱাৰ তথ্যও সদৰী কৰিছে৷ ত্রিপুৰা সীমান্তৰে ভাৰতত প্রৱেশ কৰা এই তিনি বাংলাদেশী হৈছে ৰাজশ্বাহী জিলাৰ আখিলা গাঁৱৰ আব্দুল আদুদৰ পুত্র আবু ছাইদ, ৰাজশ্বাহী জিলাৰ গোদাগৰী গাঁৱৰ প্রয়াত আতাবুৰ ৰহমানৰ পুত্র আছাদুল ইছলাম আৰু একে গাঁৱৰে সতাবুৰ ৰহমানৰ পুত্র মহম্মদ সৰৱাৰ৷ এই আটাইকেইজনে চেন্নাইলৈ যোৱাৰ উদ্দেশ্যে অসমত প্রৱেশৰ চেষ্টা চলাইছিল৷ ইয়াৰে এজনে দ্বিতীয়বাৰৰ বাবে অসমত প্রৱেশ কৰিছিল৷ তিনিওজনৰ পৰা উদ্ধাৰ কৰা হৈছে আধাৰ কার্ড৷ অসম আৰক্ষীয়ে ইতিমধ্যে তিনিওজনকে বাংলাদেশলৈ ঘূৰাই পঠিয়াবলৈ সক্ষম হৈছে৷ আশ্চর্যজনক কথাটো হ’ল যে দালালৰ জৰিয়তে অসমত প্রৱেশ কৰা এই বাংলাদেশী লোকসকলক দালালে আগতীয়াকৈ প্রস্তুত কৰি দিয়ে ভুৱা আধাৰ কার্ড আৰু ভোটাৰ কার্ড৷ ইয়াৰ জৰিয়তে বাংলাদেশী নাগৰিকক সুকলমে অসমৰ মাজেৰে দেশৰ অন্য প্রান্তলৈ প্রেৰণ কৰে৷ ইফালে, সমগ্র ঘটনা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে৷ শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে এই সন্দর্ভত স্পষ্ট কৰে যে সীমান্ত পাৰ হৈ অহা বাংলাদেশীক ওভতাই পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে৷ বাংলাদেশৰ আর্থিক পৰিস্থিতি যথেষ্ট নৰম হোৱা হেতুকে বহু লোকে অসমলৈ অহাৰ চেষ্টা চলাই আছে৷ এইক্ষেত্রত অসম আৰক্ষী যথেষ্ট সতর্ক হৈ থকাৰ লগতে সীমান্ত সুৰক্ষা বাহিনীৰ সৈতেও যোগাযোগত আছে আৰক্ষী৷ অসমত প্রৱেশ কৰা যিকোনো বাংলাদেশী অনুপ্রৱেশকাৰীক সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে লগ লাগি পুনৰ দেশখনলৈ ওভতাই পঠিওৱা হয়৷

Featured