তৌফিক ৰহমানলৈ ‘বৰদৈচিলা জীৱনজোৰা সাধনা বঁটা ২০২৪’

বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰ : অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল বৰদৈচিলা থিয়েটাৰে ঘোষণা কৰিলে “বৰদৈচিলা জীৱনজোৰা সাধনা বঁটা ২০২৪”। ভ্ৰাম্যমাণ নাট্য জগতলৈ বিশেষ অৱদান আগবঢ়াই ভ্ৰাম্যমাণ নাট্য জগতক চহকী কৰা পুৰোধা নাট্যকৰ্মীলৈ প্ৰতিবছৰে প্ৰদান কৰা হ’ব এই বঁটা। বৰদৈচিলা থিয়েটাৰে ২০২৪ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰিব ভ্ৰাম্যমাণ তথা চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা তৌফিক ৰহমানক। দেওবাৰে বৰদৈচিলা থিয়েটাৰৰ আখৰাগৃহত এই বঁটা ঘোষণা কৰে বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলাম, পৃষ্ঠপোষক শ্যামসুন্দৰ জালান, নাট্যকাৰ নৱৰত্ন পাটোৱাৰী, নাট্যকাৰ-পৰিচালক নিৰ্মল দাসে। উল্লেখ্য যে বৰদৈচিলা থিয়েটাৰে ৩ ছেপ্টেম্বৰত পানীগাঁও আদৰ্শ বালিকা বিদ্যাপীঠ প্ৰাংগণত ২০২৪-২৫ নাট্যবৰ্ষৰ নাট্য যাত্ৰা আৰম্ভ কৰিব আৰু উক্ত অনুষ্ঠানতেই গধূলিৰ ভাগত বৰদৈচিলা থিয়েটাৰ পৰিয়ালে ভ্ৰাম্যমাণ তথা চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা তৌফিক ৰহমানক “বৰদৈচিলা জীৱনজোৰা সাধনা বঁটা ২০২৪” প্ৰদান কৰিব।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

Featured