বেদখলকাৰীৰ কবলত বশিষ্ঠ-বাহিনী নৈ : পিলিংকাটা-পাটৰকুছিত কৃত্রিম বান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ জুলাই : গুৱাহাটী মহানগৰীত একাংশ অসাধু লোকে চৰকাৰী ভূমি বেদখল কৰি বাস কৰি আহিছে৷ গুৱাহাটী মহানগৰ জিলা প্রশাসন, পৌৰ নিগম আৰু জিএমডিএ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে নৈ, বিল, জলাশয়তো বেদখল কৰি বাস কৰি অহাৰ ফলত মহানগৰীত বিভিন্ন স্থানত কৃত্রিম বানৰ সৃষ্টি হৈ আহিছে৷ মহানগৰীৰ পাহাৰ অঞ্চলকে ধৰি অন্যান্য অঞ্চলৰ পৰা ওলোৱা পানী ৩৩০টা নলা–নর্দমাৰে বশিষ্ঠ, বাহিনী আৰু ভৰলু নৈৰে ওলাই যায়৷ কিন্তু একাংশ অসাধু লোকে বশিষ্ঠ, বাহিনী, ভৰলু নৈ বেদখল কৰি বাস কৰি অহাৰ ফলত সংকুচিত হৈছে নৈৰ বক্ষ৷ ফলত পানী প্রৱাহত বাধাৰ সৃষ্টি হৈছে৷ ইয়াৰে এক অন্যতম উদাহৰণ হ’ল বশিষ্ঠৰ বাহিনী নৈ৷ একাংশ অসাধু লোকে বশিষ্ঠ আৰু বাহিনী নৈ বেদখল কৰি জধে–মধে বাসগৃহ নির্মাণ কৰাৰ ফলত খানাপাৰা, বেলতলা, বশিষ্ঠকে ধৰি বৃহত্তৰ অঞ্চলটোত কৃত্রিম বানৰ সৃষ্টি হৈ আহিছে৷ বশিষ্ঠ আৰু বাহিনী নৈ বেদখল কৰি বাসগৃহ নির্মাণ কৰাত নৈৰ বুকু সংকুচিত হৈ পৰিছে৷ নৈ দুখনৰ বহনক্ষমতা কমি অহাত পূর্বৰ দৰে পানী ওলাই যোৱাত বাধাৰ সৃষ্টি হৈছে৷ ফলত বৃহত্তৰ অঞ্চলটো সাধাৰণ এজাক বৰষুণতে কৃত্রিম বানত বুৰ যায়৷ কৃত্রিম বানৰ অন্যতম এক কাৰণ হিচাপে বিবেচিত হৈছে বশিষ্ঠ, বাহিনী, ভৰলু নৈ বেদখল৷ স্থানীয় ৰাইজৰ অভিযোগৰ পিছতো গুৱাহাটী পৌৰ নিগম, জিএমডিএ আৰু মহানগৰ জিলা প্রশাসনে বশিষ্ঠ, বাহিনী নৈ বেদখল কৰি বাসগৃহ নির্মাণ কৰা লোকসকলৰ বিৰুদ্ধে আজিপর্যন্ত কোনো ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ কৃত্রিম বানৰ পিছতে মন্ত্রী অশোক সিংহল আৰু মেয়ৰ মৃগেন শৰণীয়াই মহানগৰীৰ বশিষ্ঠ, বাহিনী, ভৰলু নৈ বেদখল কৰি বাস কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ’ব বুলি ঘোষণা কৰিয়েই দায়িত্ব সামৰিছে৷ বশিষ্ঠ আৰু বাহিনী নৈৰ ওপৰত একাংশ লোকে বাসগৃহ নির্মাণ কৰা বুলি তথ্যসহকাৰে স্থানীয় লোকসকলে বিভাগীয় কর্তৃপক্ষক অভিযোগ দাখিল কৰিছে৷ নৈৰ বক্ষ বেদখল কৰি বাসগৃহ নির্মাণ কৰি বাস কৰা লোকক শীঘ্রে উচ্ছেদ কৰি বৃহত্তৰ অঞ্চলটোক কৃত্রিম বানৰ পৰা মুক্ত কৰিবলৈ বশিষ্ঠৰ স্থানীয় লোকসকলে জিএমডিএ, জিএমচি আৰু জিলা প্রশাসনক আহ্বান জনাইছে৷ যদিহে এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ নকৰে তেন্তে অনাগত দিনত বৃহত্তৰ বশিষ্ঠ অঞ্চলত বসবাস কৰা লোকসকলে ইয়াৰ বিৰুদ্ধে গণতান্ত্রিক প্রতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব বুলি স্পষ্ট কৰি দিছে৷

Featured