বানৰ কবলত ঐতিহ্যমণ্ডিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ বিগত কেবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বজালীত বিপৰ্যস্ত হৈ পৰিছে জনজীৱন৷ বিশেষকৈ বজালী জিলা সদৰ পাঠশালাক ঠায়ে ঠায়ে পানী নিষ্কাশনৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবে বৰষুণৰ পানী জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি হৈছে৷ পাঠশালাত বিভিন্ন অঞ্চল তথা বাট পথৰ লগতে নগৰখনৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় সম্পূৰ্ণৰূপে কৃত্ৰিম বানৰ কবলত পৰিছে৷ শিক্ষানুষ্ঠানখনত পানী নিস্কাষণৰ কোনো উপযুক্ত ব্যৱস্থা নথকাৰ বাবে প্ৰতি বছৰে বাৰিষাৰ সময়ত কৃত্ৰিম বানৰ কবলত পৰি বিদ্যালয়খনৰ আন্তঃগাঠনি দুৰ্বল কৰি পেলাইছে৷ প্ৰতি বছৰ বাৰিষা আহিলেই দুৰ্যোগৰ সন্মুখীন হৈ অহা শিক্ষানুষ্ঠানখনৰ পৰা পানী নিষ্কাশনৰ ব্যৱস্থা আজিলৈকে কিয় হৈ নুঠিল তাক লৈ স্থানীয় ৰাইজ তথা শিক্ষাৰ্থীসকলৰ অভিভাৱকে প্ৰশ্ন উত্থাপন কৰিছে৷ উল্লেখ্য যে আজি সন্ধিয়ালবাতৰি লিখা পৰলৈকে বিদ্যালয়খনৰ অধ্যক্ষৰ কোঠাৰ লগতে কেবাটাও শ্ৰেণীকোঠা পানীত বুৰ গৈ আছে৷ নামনি অসমৰ ভিতৰতে এখন অন্যতম শিক্ষানুষ্ঠানত হিচাপে পৰিচিতি লাভ কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনেকুৱা দুৰ্দশাই ম্ৰিয়মান কৰি তুলিছে বজালীৰ বৌদ্ধিক মহলক৷ উল্লেখ এই বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস৷

প্ৰেৰক কল্যাণ কলিতা

Featured