অসমৰ শ্ৰেষ্ঠ ক’ভিড যোদ্ধা আতোৱাৰা বেগমঃ স্বীকৃতি কেন্দ্ৰৰ

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ ক’ৰোনাকালীন পৰিস্থিতিৰ মাজত ৰাইজৰ প্ৰতি অগ্ৰণী সেৱা আগবঢ়োৱাৰ বাবে মৰিগাঁৱৰ আতোৱাৰা বেগমে লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি।

মৰিগাঁও জিলাৰ এগৰাকী অংগনৱাড়ী কৰ্মী ৰূপে ক’ৰোনাৰ সময়ত আগশাৰীৰ ক’ৰোনা যোদ্ধাৰ ভূমিকা পালন কৰিছিল বেগমে। ভাৰত চৰকাৰে বেগমক ৰাজ্যখনৰ শ্ৰেষ্ঠ ক’ভিড যোদ্ধা ৰূপে স্বীকৃতি দিয়ে।

আতোৱাৰা বেগমক ৩১ জানুৱাৰীৰ দিনা নতুন দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে বঁটা প্ৰদান কৰিব।