জিলা সভাপতিকো সন্মান কৰিব নাজানে ভূপেন বৰাই : জয়ন্ত মল্ল বৰুৱা

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰঃ কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। কংগ্ৰেছক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয়- কংগ্ৰেছে নিজেই নিজৰ জিলা সভাপতিজনক একেবাৰে তলৰ পৰ্যায়লৈ লৈ গৈছে। আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে জিলা সভাপতি সুৰেশ বৰাই তেওঁলোকৰ দলটোত বহু বছৰ ধৰি সেৱা কৰিছে, জিলা সভাপতি হিচাপে দায়িত্ব লৈছে, তেনেকুৱা এজন মানুহে দলটো এৰি যোৱাৰ লগে লগে তেওঁক লৈ ভূপেন বৰাই এনেকুৱা মন্তব্য কৰিব নাপায়। সুৰেশ বৰাই মাত্ৰ ১২ কোটি টকাৰ ঠিকা পাই দল এৰি গুচি যোৱা বুলি তেওঁলোকেহে কৈছে, আমি কোৱা নাই। ভূপেন বৰাই নিজে কৈছে যে ১২ কোটি টকাৰ ঠিকা লৈ সুৰেশ বৰা বিজেপিলৈ গুচি গ’ল। ভূপেন বৰাই তেওঁৰ জিলা সভাপতিজনৰ ভেল্যুটো দাঙি ধৰিছে। গতিকে জিলা সভাপতিজনৰ ভেল্যুটো যদি ১২ কোটি হয়, ৰাজ্যিক সভাপতিৰ ২৫ কোটি হ’ব, প্ৰাক্তন মন্ত্ৰীৰ ৩০ কোটি হ’ব, চি ডব্লিউ চি মেম্বাৰৰ ৪০ কোটি হ’ব। মই সেইটো মাত্ৰ উপমাহে দিছিলো, মইতো কোৱা নাই তেওঁলোকক ঠিকা দিয়াৰ কথা। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভূপেন বৰাই ভাবে যে তেওঁৰ জিলা সভাপতি এজনে ১২ কোটি টকাৰ ঠিকা পালে বিজেপিলৈ গুচি যাব। তেওঁ তেনেকৈ ভাৱে কাৰণে কৈছে। গতিকে মই ভাবো যে যদি কংগ্ৰেছৰ জিলা সভাপতি এজনে ১২ কোটিত আহে, তেন্তে ৰাজ্যিক সভাপতিজনে ২৫ কোটিত আহিব। মই তাৰ উদাহৰণহে দিছোঁ। আৰু প্ৰাক্তন মন্ত্ৰীয়ে ৩০ কোটিত এৰিব বা চি ডব্লিউ চি মেম্বাৰ, এম পিয়ে ৪০ কোটিত এৰিব। সেইটোৱে হিচাপ। আৰু তেওঁ যদি ভাবে যে পি ডব্লিউ ডিৰ ঠিকা তেনেকে মন্ত্ৰীয়ে দিব পাৰে, ময়ো জলজীৱনৰ মন্ত্ৰী, ময়োতো ঠিকা দিওঁ। জলজীৱনৰ ঠিকা পদ্ধতিৰ মাজেৰে হয়। কিন্তু ঠিকা যিয়ে নাপাওক লাগিলে, তাৰ ক্ৰেডিটটো পিছত মন্ত্ৰীগৰাকীয়ে ল’বই। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে জিলা সভাপতি এগৰাকীয়ে, যিয়ে ইমান বছৰে দলটোৰ সেৱা কৰিলে, তেওঁ বিভিন্ন কাৰণত দল ত্যাগ কৰিব পাৰে। কিন্তু তেওঁ ১২ কোটিৰ ঠিকা লৈ গুচি গ’ল বুলি ইমান নিকৃষ্ট পৰ্যায়লৈ লৈ যাব নাপায়। আৰু এয়াই যদি হয় তেন্তে ভূপেন বৰাইওচোন ২৫ কোটিৰ ঠিকা লৈ গুচি যাব! তেওঁৰ হিচাপটোতো তেওঁৱে দিছে, মইতো দিয়া নাই। মই মাত্ৰ তেওঁলোকে কোৱা কথাখিনিক ভিত্তি কৰি উপমাটো দেখুৱাই দিছো। হিচাপটোৰ কম্পেয়াৰ এটা কৰি দিছো যে কিমান হিচাপত চলে তেওঁলোক। এয়াই তেওঁলোকৰ মানসিকতা, এনে মানসিকতা আমাৰ নহয়।

#বাৰ্তা ডেস্ক

Featured