ভূপেন বৰাৰ কথাৰ কোনো গুৰুত্বই নাই : মন্ত্ৰী অশোক সিংহল

🟢বজালীত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহল

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ বজালীত আজি আবেলিৰ ভাগত উপস্থিত হয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহল। মন্ত্ৰীগৰাকীয়ে পোনতে উপস্থিত হয় বজালীৰ ৰিহাবাৰীস্থিত কালদিয়া FIS আঁচনিত। তাত পৰিদৰ্শন কৰাৰ পিছত মন্ত্ৰীগৰাকীয়ে পোনে পোনে পৰিদৰ্শন কৰিবলৈ আহে বজালীৰ খাৰাধৰাস্থিত নামতি FIS প্ৰকল্পটোলৈ। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু বজালীৰ আয়ুক্ত মৃদুল কুমাৰ দাসে। মন্ত্ৰী সিংহলে এই দুয়োটা প্ৰকল্প পৰ্যবেক্ষণ কৰাৰ উপৰি ইয়াৰ দাঁতি-কাষৰীয়া ৰাইজৰ সতে পানী যোগান সন্দৰ্ভত মত বিনিময় কৰে৷ ইয়াৰ পিছতে সাংবাদিকৰে হোৱা মুখামুখিত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জলসিঞ্চন বিভাগে কৃষকৰ খেতিপথাৰত বাৰ মাহে পানী দিয়াৰ ব্যৱস্থা কৰিব।তেওঁ কয় যে কৃষকে আন্তৰিকতাৰে খেতি কৰিলে আমিও আন্তৰিকতাৰে পানী দিম। আনহাতে নতুন প্ৰজন্মই খেতিৰ প্ৰতি আকৃষ্ট হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে য’ত এতিয়াও পানী যোগান আচনি বিকল হৈ আছে, সেইসমুহ অতি শীঘ্ৰে কাৰ্যক্ষম কৰা হ’ব। উল্লেখ্য যে ইয়াৰ মাজতে কথা প্ৰসংগত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰি তুলা-ধুনা দিয়ে। তেওঁ কয়, “ভূপেন বৰাৰ কথা ক’লে আমাৰ খেতিপথাৰ ভাল নহয়। ভূপেন বৰাৰ কথাৰ কোনো গুৰুত্বয়েই নাই।” আনহাতে ভূপেন বৰাই দুটা লোকসভা সমষ্টিত কংগ্ৰেছে জয়ী হোৱা বুলি কোৱা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, “নিৰ্বাচনত জয়ী নোহোৱাকৈ কেনেকৈ ভূপেন বৰাই জয়ী হয়, আমি যুদ্ধত জয়ী হ’লেহে জয়ী হৈছো বুলি কম।” ভূপেন বৰাক তেওঁ নিধিৰাম চৰ্দাৰ বুলি অভিহিত কৰি কয় যে নিৰ্বাচন আহিলে বৰাই যি তি কথা কৈ দিয়াটো তেওঁৰ চৰিত্ৰ৷ আজি মন্ত্ৰীগৰাকীৰ এই বজালী ভ্ৰমণ কালত বজালী জিলা বিজেপিৰ সভাপতিৰ লগতে কেবাগৰাকীও লোকে সংগ দিয়ে৷

প্ৰেৰক কল্যাণ কলিতা

Featured