পাছিঘাটত ভূপেন হাজৰিকা বিষয়ক ইংৰাজী গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ অৰুণাচলৰ প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ পাছিঘাটত ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি ওপজা দিনতে পাচিঘাটৰ শস্যউদ্যান মহাবিদ্যালয় সভাগৃহত ফিল্ম এণ্ড টেলিভিছন গিল্ড অৱ অৰুণাচলৰ উদ্যোগত আৰু অসমৰ অনুষ্ঠান ‘চিত্ৰাচল’ৰ সহযোগত বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতিৰ চৰ্চা কেৱল আনুষ্ঠানিক বক্তৃতা প্ৰদানৰ দিনতীয়া স্মৃতিচাৰণতে সীমিত কৰি নাৰাখি তাক দেশে-বিদেশে স্থায়ী ৰূপত প্ৰসাৰিত কৰাৰ মানসেৰে চিত্ৰাচল পাব্লিকেচনৰ হৈ মৃণাল শৰ্মাৰ দ্বাৰা প্ৰকাশিত আৰু জ্যেষ্ঠ সাংবাদিক উৎপল মেনাৰ দ্বাৰা সম্পাদিত ভূপেন্দ্ৰ চৰ্চাৰ এলানি গ্ৰন্থৰ তৃতীয়টি খণ্ড আজি শিল্পীগৰাকীৰ ওপজা দিন উপলক্ষে অৰুণাচল প্ৰদেশৰ পাছিঘাটত আয়োজিত এক মনোজ্ঞ অনুষ্ঠানত উন্মোচন কৰা হয় । গ্ৰন্থ খন শুভ উন্মোচন কৰে পাচিঘাটৰ শস্যউদ্যান মহাবিদ্যালয়ৰ আধ্যক্ষ ড০ বি এন হাজৰিকাই ৷ গ্ৰন্থ উন্মোচন সভাত উপস্থিত বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামীয়ে কয় কয় – ড০ ভূপেন হাজৰিকাই আজিৰ পৰা বহু বছৰ আগতেই অসম অৰুণাচলৰ সমন্বয় সেতু শক্তিশালী কৰি থৈ গৈছে বুলি কৈ ভাতৃত্ববোধ আৰু মানৱীয় প্ৰমূল্যবোধৰ ভাবনাৰে ভূপেনদাই অসম-অৰুণাচল আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজৰ সাতামপুৰুষীয়া সমন্বয়ৰ এনাজৰীডাল শক্তিশালী কৰি থৈ গৈছে। ভূপেনদাৰ অমৰ সৃষ্টিসমূহ সকলোৰে বাবে প্ৰেৰণাৰ প্ৰতীক, যি সদায়েই প্ৰাসংগিক হৈ থাকিব মন্তব্য কৰাৰ লগতে অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰি জীপাল কৰি তোলে। ইফালে ভূপেন হাজৰিকাৰ পৰিচালনাত নিৰ্মিত অৰুণাচল প্ৰদেশৰ প্ৰথমখন হিন্দী চিনেমা ‘মেৰা ধৰম, মেৰী মা’ৰ এগৰাকী অভিনেতা তথা ভূপেনদাই মৰমতে চাৰ্লি বুলি মতা ঝোৰাম টানজিঙে অনুষ্ঠানত উপস্থিত থাকি ডঃ ভূপেন হাজৰিকাৰ সৈতে পাৰ কৰা সময় আৰু ছবি খনৰ পুৰণি স্মৃতি ৰোমান্তন কৰে ৷ ধেমাজি কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডঃ বনজিৎ ভট্টই আঁত ধৰা এই অনুষ্ঠানটিত উপস্থিত থাকি ভূপেন হাজৰিকাৰ স্মৃতিচাৰণ কৰে আকাশবাণীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সাহিত্যক কালিং বৰাং, অৰুণাচল প্ৰদেশৰ ইষ্ট ছিয়াং সমষ্টিৰ স্থানীয় বিধায়ক কালিং ময়ং, ইষ্ট ছিয়াং জিলাৰ সহকাৰী উপায়ুক্ত ওলি পৰমে আদি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে। অনুষ্ঠানলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভূপেনদাৰ সংগীত যাত্ৰাৰ অন্যতম সহযোগী কমল কটকী আৰু বিশিষ্ট শিল্পী তথা ভূপেনদাৰ ভাতৃ সমৰ হাজৰিকাকো আমন্ত্ৰণ জনোৱা হৈছিল যদিও বিশেষ অসুবিধাবশতঃ তেওঁলোক উপস্থিত থাকিব নোৱাৰিলেও তেওঁলোকে একোটাকৈ শুভেচ্ছামূলক ভাষণ লিখি পঠিয়ায় । হৃষীকেশ গোস্বামী, ময়ূৰ বৰা, ডঃ বনজিৎ ভট্ট, অচ্যুত কুমাৰ পাটোৱাৰী, কমল চন্দ্ৰ কটকী, মিত্ৰা ফুকন, দীপেন ৰাজকোঁৱৰ, হেমন্ত বৰ্মণ, কৰুণাকান্ত ৰয়, শিৱাণু বৰা, হেমচন্দ্ৰ বৰা, ডঃ মৌচুমী চহৰীয়া, উৎপল মেনা, পুলক গগৈ, ডঃ অভিজিৎ কুমাৰ দত্ত, হিমজ্যোতি তালুকদাৰ, হিৰকজ্যোতি শৰ্মা, প্ৰদ্যুৎ মিশ্ৰ, পংকজ নয়ন ভট্টাচাৰ্য্য, শ্বাবনা আজমী, নিৰোদ চৌধুৰী, কমল লোচন দাস, প্ৰকল্প ৰঞ্জন ভাগৱতী, ডঃ সুনীল কোঠাৰী, বেণী মাধৱ, ডঃ ভৱেশ দাস, মুকুল ৰাভা, উৎপল বৰপূজাৰী, ৰঞ্জন বেজবৰুৱা, চন্দন ভাগৱতী আদি বিভিন্নজনৰ গৱেষণামূলক লেখাৰে সমৃদ্ধ ভূপেন হাজৰিকা বিষয়ক গ্ৰন্থখনৰ এই উন্মোচনী অনুষ্ঠানত উন্মোচনী ভাষণ প্ৰদান কৰে পাছিঘাটৰ কলেজ অব হৰ্টিকালচাৰ এণ্ড ফৰেষ্ট্ৰীৰ ডীন বি এন হাজৰিকাই। অনুষ্ঠানত ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে ভূপেনদাৰ সান্নিধ্য লাভ কৰা শিল্পী নেইগি ৰিবাই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা স্থানীয় যুৱক মাৰ্কিন টামুককে ধৰি অনেক লোকৰ গাম্ভীৰ্যপূৰ্ণ উপস্থিতিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে । অনুষ্ঠানটিত সামৰণী ভাষণ প্ৰদান কৰে প্ৰকাশক মৃণাল শৰ্মাই। ইতিপূৰ্বে প্ৰথম আৰু দ্বিতীয় খণ্ড দুটি ক্ৰমে কলকাতা আৰু নতুন দিল্লীত উন্মোচন কৰা এইলানি গ্ৰন্থৰ ২০২৪ চনত প্ৰকাশ পাবলগীয়া চতুৰ্থ খণ্ডটি”সাহিত্য চৰ্চা কেন্দ্ৰ,অসমৰ আহ্বানক্ৰমে ভাৰত চৰকাৰৰ চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ইণ্ডিয়ান লেংগুৱেজ চমুকৈ চিআইআইএলৰ এছ আৰ এল চিৰ মিলেনিয়াম বেটছৰ সহযোগত মহীশূৰত উন্মোচন কৰা হ’ব।

প্ৰেৰক কৰবী দলে

Featured