বিহালীত বহুমুখী সমবায় সমিতিত প্ৰশাসনৰ তলা

🔹 বিপাঙত ঘৰৰ মালিক : আইনৰ দ্বাৰস্থৰ সিদ্ধান্ত
বিশেষ বার্তা, ২৭ আগষ্ট : বিহালী সমষ্টিৰ অন্তৰ্গত বিহালী কলেজ ৰোডৰ অসম চৰকাৰৰ পঞ্জীয়নভুক্ত বহুমুখী সমাবায় সমিতিখন বিশ্বনাথ জিলা প্ৰশাসনে ছীল কৰি তলা ওলোমাই যোৱা আজি ৯ মাহ উকলি যোৱাৰ পিছতো তলা খোলাৰ কোনো সুব্যৱস্থা নোহোৱাত ভাৰা নাপাই  ঘৰৰ মালিক শম্ভূ পৰমানিকে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বহুমুখী সমবায় সমিতিখনৰ যোৰহাটৰ মুখ্য কাৰ্যালয়ত বিত্তীয় খেলিমেলি সন্দৰ্ভত চৰকাৰে আটাইকেইটা শাখাই ছীল কৰি দিয়ে। সেই অনুযায়ী বৰগাঙৰ শাখাটোও যোৱা ডিচেম্বৰ মাহত ছীল কৰি তলা মাৰি দিয়া হয়। ফলত সমবায় সমিতিখনত দৈনিক হিচাপে জমা ৰখা শ শ গ্ৰাহকৰ হাজাৰ হাজাৰ জমা টকা থাকি যায়, যিসকলে এতিয়া মূৰে-কপালে হাত দিছে। আনহাতে, সমবায় সমিতিখন খোলাৰ বাবে যিজন ব্যক্তিৰ পৰা কোঠাটো ভাৰাত লোৱা হৈছিল, সেই ঘৰৰ মালিকজনেও আজি ৯ মাহে ঘৰভাৰা পোৱা নাই। ৯ মাহৰ বিজুলী বিলো জমা হৈ আছে। ঘৰৰ মালিক শম্ভূ পৰমানিকে জানিবলৈ দিয়া মতে, অহা ৯ ছেপ্টেম্বৰত সমবায় সমিতিখন খোলাৰ কথা পৰিচালকে মোবাইলত জনাইছে । খুলিলে ভালেই, অন্যথা আইনৰ সহায় লোৱা হ’ব বুলি দৃঢ় মত প্ৰকাশ কৰিছে।
প্ৰেৰক অমিতাভ বৰুৱা
Featured