বিহুক অপসংস্কৃতিৰ কবলৰ পৰা ৰক্ষাৰ আহ্বান মৃণালিনী দেৱীৰ

🎯ওদালগুৰিত সন্ধ্যা মিলন গোষ্ঠীৰ মুকলি বিহু উদ্বোধন
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ মে’ : অসমীয়াৰ বিহুক অসম চৰকাৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বিহু আমাৰ সকলোৰে আপোন। সেয়ে অসমীয়াৰ বিহুক অপ-সংস্কৃতিৰ কবলৰ পৰা আমি ৰক্ষা কৰিব লাগিব। কালি ওদালগুৰিৰ স্থানীয় বিষ্ণু ৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত সন্ধ্যা মিলন গোষ্ঠীৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত একাদশ বাৰ্ষিক বসন্ত উৎসৱ ২০২৪ৰ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰি অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে এইদৰে কয়। সন্ধ্যা মিলন গোষ্ঠীৰ একাদশ বাৰ্ষিক বসন্ত উৎসৱ উদযাপন ২০২৪ৰ সভাপতি তথা স্থানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ উপস্থিতিত উদ্বোধক মৃণালিনী দেৱীয়ে লগতে কয়- বৰ্তমান সময়ত আমাৰ এচাম বিহু নাচনী  বিসংগতিপূৰ্ণ সাজ-পাৰ পৰিধানেৰে বিহু নাচ প্ৰদৰ্শন কৰা দেখা গৈছে।সেয়ে বিসংগতি পূৰ্ণ সাজ-পাৰ পৰিধানৰ পৰা বিৰত ৰাখিবলৈ  আমি নিয়ম বান্ধি দিব লাগিব।নহ’লে অসমীয়াৰ সংস্কৃতি অপভ্ৰংখৰ দিশে গতি কৰিব।ইয়াৰ বাবে আমি সকলোৱে সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে। ইয়াৰ উপৰি তেওঁ মহাত্মা গান্ধী অসমলৈ আহি শিপিনীসকলক দেখি অভিভূত হৈ কোৱা কথাৰ প্ৰাসংগিকতা অটুট ৰাখিবলৈ মহিলা সকলৰ প্ৰতি আহ্বান জনায়।অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে মহিলা সকলৰ সাজ-পাৰক লৈ কৰা প্ৰশংসাৰ কথাও তেওঁ ৰোমন্থন কৰে। উদযাপন সমিতিৰ উপ-সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই আঁতধৰা উক্ত মুকলি বিহু প্ৰতিযোগিতাত উপদেষ্টা প্ৰমোদ বৈশ্য, গৌতম জ্যোতি তালুকদাৰ, কাৰ্যকৰী সভাপতিদ্বয় ডালিম বায়ন, অখিল কলিতা, সাধাৰণ সম্পাদকদ্বয় বিপুল লহকৰ, ৰাতুল দাস, সাংস্কৃতিক সম্পাদকদ্বয় দীপক ৰাজবংশী, পৰাগজ্যোতি বৈশ্য আদিকে ধৰি উদযাপন সমিতিৰ সকলো বিষয় ববীয়াৰ উপস্থিতিত অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি তথা বিশিষ্টা জ্যেষ্ঠা নাগৰিক মৃনালিনী দেৱীক সন্ধ্যা মিলন গোষ্ঠী বসন্ত উৎসৱ ২০২৪ৰ উদযাপন সমিতিয়ে এটি স্মাৰক, জাপি আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
Featured