ঢকুৱাখনাত সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বিৰোধিতাৰে বাইক ৰেলী

নিয়মীয়া বাৰ্তা, ২৭ আগষ্ট : ঢকুৱাখনা সমষ্টিৰ সোৱণশিৰি গাঁও পঞ্চায়তৰ ১৯ গাঁও নাওবৈচা বিধান সভা সমষ্টিত অন্তৰ্ভুক্ত কৰাক লৈ ধাৰাবাহিকভাৱে মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আজি ঢকুৱাখনাৰ সোৱণশিৰি ৰেগন চাপৰি গাঁৱৰ পৰা হাজাৰৰো অধিক মিচিং জাতীয় সংগঠনৰ অৱনৰি আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাই বাইক ৰেলী উলিয়াই সমষ্টি পুণৰ নিৰ্ধাৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সোৱণশিৰি অঞ্চলৰ প্ৰায় ৫০ কিলোমিটাৰ পথ সহস্ৰাধিক লোকে বাইক ৰেলীৰ জৰিয়তে নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ বিৰোধিতা কৰে। সাংসদ প্ৰদান বৰুৱা বিধায়ক নৱকুমাৰ দলেৰ ষড়যন্ত্ৰৰ বাবে ঢকুৱাখনা সমষ্টিৰ সোৱণশিৰি গাঁও পঞ্চায়তৰ ১৯ গাঁও নাওবৈচা সমষ্টিত অন্তৰ্ভুক্ত হ’বলৈ পালে বুলি ক্ষোভ ব্যক্ত কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে ৷

প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি

Featured