বকোত ভয়াৱহ পথ দুৰ্ঘটনাত বাইক আৰোহীৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ২২ মে’ : কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত শিংৰা শালনীত আজি দিনৰ ভাগত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। টাটা ডি আই বাহনৰ প্ৰচণ্ড খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী। নিহত বাইক আৰোহীজন মিনহাজ আলী (২০) বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত নিহত মিনহাজ আলীৰ ঘৰ বৰপেটাৰ কাচুমাৰীত। দুৰ্ঘটনা সংঘটিত কৰিয়ে টাটা ডিআই বাহনখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মিনহাজ আলীক প্ৰথমে বকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS-25 J-7705।

প্ৰেৰক প্ৰীতম বায়ন

Featured