বিলাসীপাৰাত পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন-জনজাতিকৰণৰ দাবী

🔹 আন্দোলনৰ হুংকাৰ কমতাপুৰ ৰাজ্য দাবী সমিতিৰ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : বিলাসীপাৰাত পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, জনজাতিকৰণ, ৰাজবংশী ভাষাক অষ্টম সূচীত সন্নিৱিষ্ট কৰাৰ দাবীত সৰৱ হৈ পৰে কমতাপুৰ ৰাজ্য দাবী সমিতি। বিলসীপাৰাৰ ড° বি আৰ আম্বেদকাৰ ভৱনত অনুষ্ঠিত এখন সভাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সংগঠনটোৰ নেতৃত্ব সৰৱ হৈ পৰা পৰিলক্ষিত হয়। সংগঠনটোৰ ধুবুৰী জিলা সমিতিৰ সভাপতি তাৰিণী মণ্ডলৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সভাপতি অনন্ত ৰায়ে। ইয়াৰ পাছতে বিশিষ্ট বক্তাসকলে নিজৰ ভাষণ প্ৰসংগত পৃথক কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰ কৰাৰ দাবীত সৰৱ হৈ পৰে। তেওঁলোকে কয়- আমি কাৰো পৰা ভূমি বিচৰা নাই। আমাৰ কমতাপুৰ ৰাজ্য আছিল। সেই ৰাজ্যকে উদ্ধাৰ কৰি পুনৰ কমতাপুৰ ৰাজ্য গঠন কৰিব লাগে। দহ বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আমাক জনজাতিকৰণ কৰিব লাগে। আমাৰ ভাষাক অষ্টম সূচীত সন্নিৱিষ্ট কৰি ভাষা-সংস্কৃতিক সংৰক্ষণ কৰিব লাগে। তদুপৰি বক্তাসকলে মূলসুঁতিলৈ অহা কে এল অ’ৰ সেনাধ্যক্ষ  জীৱন সিংহ আৰু কে এল অ’ (কে এন)ৰ সেনাধ্যক্ষ ডি এল কোচৰ লগত আজিও ৰাজনৈতিকভাবে শান্তি আলোচনাত নবহাৰ বাবে ক্ষোভ প্ৰকাশ কৰে। নিজৰ জাতিটোৰ বাবে সৰ্বস্ব ত্যাগ কৰা এই দুজন নেতাৰ লগত শীঘ্ৰে সন্মানজনক শান্তি আলোচনাত বহাৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে। এই দাবীসমূহ পূৰণ নকৰিলে ৩৪টাকৈ সংগঠনৰ সন্মিলিত কমতাপুৰ ৰাজ্য দাবী সমিতিয়ে ৰে’লপথ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ দৰে এলানি আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। সভাখনতে ৰমেশ চন্দ্ৰ সৰকাৰক সভাপতি আৰু নীগামনেন্দ ৰায়ক সম্পাদক হিচাপে লৈ আগমনি ব্লক, সুধেন্দো কোচক সভাপতি আৰু অৰবিন্দ ৰায়ক সম্পাদক হিচাপে লৈ গোলকগঞ্জ ব্লক, দীপক ৰায়ক সভাপতি আৰু মনোৰঞ্জন ৰায়ক সম্পাদক হিচাপে লৈ বিলাসীপাৰা ব্লক, দেৱানন চৌধুৰীক সভাপতি আৰু উৎপল ৰায়ক সম্পাদক হিচাপে লৈ ৰাণীগঞ্জ ব্লক, ললিত চন্দ্ৰ ৰায়ক সভাপতি আৰু হিতেন ৰায়ক সম্পাদক হিচাপে লৈ হাতীধুৰা ব্লক, কাৰ্তিক চন্দ্ৰ ৰায়ক সভাপতি আৰু বিক্ৰমজিৎ ৰায়ক সম্পাদক হিচাপে লৈ ৰূপসী ব্লক আৰু ৰুবুল ৰায়ক সভাপতি আৰু জিতুল বৰ্মনক সম্পাদক হিচাপে লৈ চাপৰ-শালকোচা ব্লক সমিতি সৰ্বসন্মতিক্রমে গঠন কৰা হয়। এই ব্লক সমিতিসমূহক শীঘ্ৰে আঞ্চলিক আৰু শাখা সমিতিসমূহ গঠন কৰাৰ বাবে আজিৰ সভাই আহ্বান জনায়। সভাত দাবী সমিতিৰ মুখ্য আহ্বায়ক লখিন্দৰ ৰায়, কেন্দ্ৰীয় বিত্ত সম্পাদক মুকুট ৰায়, বঙাইগাঁও জিলা সভাপতি নিত্যানন্দ অধিকাৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৰ্মীসকলে উপস্থিত থাকি নিজৰ নিজৰ পৰামৰ্শ আগবঢ়ায়।

প্ৰেৰক সমৰেশ শীল শৰ্মা

Featured