ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত অসম সন্তান বিৰিঞ্চি কুমাৰ শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ আগন্তুক শিক্ষক দিৱসত উচ্চ শিক্ষাৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা ২০২৪ৰ বাবে নিৰ্বাচিত হৈ এগৰাকী অসম সন্তান অধ্যাপক বিৰিঞ্চি কুমাৰ শৰ্মাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। শৰ্মা বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপক। ৫ ছেপ্টেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিতব্য শিক্ষক দিৱসৰ অনুষ্ঠানত বিৰিঞ্চি কুমাৰ শৰ্মাক এই পুৰস্কাৰ প্ৰদান কৰা হব। ৰাষ্ট্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি উচ্চ শিক্ষাৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ পুৰস্কাৰ ২০২৪ৰ বাবে চলিত বৰ্ষত দেশৰ মুঠ ১৬গৰাকী কৃতী শিক্ষকক নিৰ্বাচিত কৰা হৈছে। ইয়াৰ মাজতে অসম সন্তান বিৰিঞ্চি কুমাৰ শৰ্মা নিৰ্বাচিত হোৱাটোৱে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। শৰ্মাই কৃষি বিজ্ঞানৰ পাঠদান, গৱেষণা, অনুসন্ধান আৰু উদ্ভাৱন আদি ক্ষেত্ৰত প্ৰৰ্দশন কৰা অতি পাৰদৰ্শিতা আৰু বিশেষকৈ জলবায়ু পৰিবৰ্তনৰ ফলত হব পৰা উদ্ভিদৰ ৰোগ আৰু এনে পৰিস্থিতিত বচাই ৰখাৰ কৌশল আদি উদ্ভাৱনী মূলক চিন্তা আৰু অৱদানৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছে। গুৱাহাটী হাতীগাঁও জুৰিপুৰ নিৱাসী প্ৰয়াত ভূপেন্দ্ৰ নাথ শৰ্মা আৰু অনুপমা শৰ্মাৰ পুত্ৰ বিৰিঞ্চি কুমাৰ শৰ্মাই অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহন কৰি পাছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু সন্মানসহকাৰে ডক্তৰেট ডিগ্ৰী লাভ কৰে আৰু তাতেই শিক্ষক হিচাপে যোগদান কৰে। কৃতী শিক্ষকৰ বাবে প্ৰফেচাৰ বিৰিঞ্চি কুমাৰ শৰ্মা নিৰ্বাচিত হোৱাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়তো আনন্দৰ জোৱাৰ উঠিছে আৰু তেওঁলোকৰ ৱেবচাইটযোগে শৰ্মালৈ অভিনন্দন জনোৱাৰ লগতে এয়া গৌৰৱৰ বিষয় বুলি অভিহিত কৰিছে।

প্ৰেৰক নৱজ্যোতি তামুলী

Featured