বিতু-জ্ঞানশ্ৰীৰ বিয়াৰ জৰিয়তে সমাজলৈ যোগাত্মক বাৰ্তা

নিয়মীয়া বাৰ্তা, ৮ মে’ : এসময়ত নিজৰ উদ্দাত্ত কণ্ঠ আৰু প্ৰতিবাদী সত্তাৰে ৰাজ্যবাসীৰ মন জয় কৰি যোৱা জ্ঞানশ্ৰী বৰা আৰু বিতু সোনোৱালক হয়তো সকলোৰে মনত আছে৷ গোলাঘাটৰ কন্যা জ্ঞানশ্ৰী বৰাই আছিল ৰাইজৰ দলৰ মুখপাত্ৰ আৰু শেহতীয়াকৈ গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত আৰু বিতু সোণোৱাল (৩৪) তিনিচুকীয়া জিলাৰ মাকুমৰ নিবাসী ৰবিন সোণোৱাল আৰু পুণ্যলতা সোণোৱালৰ জ্যেষ্ঠ পুত্ৰ আৰু বিতু সোনোৱাল বৰ্তমান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে। সেই বিতু সোণোৱাল আৰু জ্ঞানশ্ৰী বৰাই এতিয়া আগবাঢ়িছে যুগ্ম জীৱনৰ বাবে। কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে দুয়োবিবাহপাশত আৱদ্ধ হ’ব৷ কিন্তু বিয়াৰ এটা দিন পূৰ্বে জ্ঞানশ্ৰীয়ে সামাজিক মাধ্যমযোগে ৰাইজৰ আগত দি গ’ল এক সাহসী বাৰ্তা। জোৰোণ আৰু যৌতুকক লৈ জ্ঞানশ্ৰীয়ে কোৱা কথাখিনিয়ে সকলোৰে মন চুই গৈছে। সাম্প্ৰতিক সমাজ ব্যৱস্থাত জোৰোণ আৰু যৌতুকক লৈ সংঘটিত হোৱা বহু ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। কিন্তু এই সকলোবোৰৰ বিপৰীতে অতি ব্যক্তিক্ৰমীভাৱে সাহসী পদক্ষেপ গ্ৰহণ কৰি জ্ঞানশ্ৰীয়ে সমাজখনক এক ইতিবাচক বাৰ্তা দিয়াৰ চেষ্টা কৰিছে। জ্ঞানশ্ৰীয়ে ক’লে, মোক জোৰণৰ দিনা দৰা ঘৰৰ পৰা সোণৰ গহনা নালাগে আৰু সেইমৰ্মে সোমবাৰেই সম্পন্ন হৈ গ’ল জোৰোণৰ নীতিনিয়ম। লগতে ক’লে, মই যেতিয়া দ’ৰাৰ ঘৰলৈ যাম তেতিয়া কেৱল মই ছোৱালীজনীহে যাম৷ দৰাজনে বিগত দিনসমূহত যেনেদৰে আছিল ময়ো তেনেদৰেই থাকিব পাৰিম। বোৱাৰী নিৰ্যাতনকে ধৰি মহিলাৰ ওপৰত হোৱা বৰ্ধিত গাৰ্হস্থ্য হিংসাৰ সময়ত মান্ধাতাকলীয়া সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই এইগৰাকী বলিষ্ঠ কণ্ঠৰ অধিকাৰী জ্ঞানশ্ৰীয়ে বিয়াৰ এদিন পূৰ্বে এইদৰেই বিলাই দিছে আন বহুবোৰ ইতিবাচক বাৰ্তা৷ কিয়নো বহু লোকে ঋণ লৈ সোণৰ আঅলংকাৰ জোৰোণত দিয়াৰ বিপৰীতে কইনা ঘৰৰ পৰা ঋণ লৈ দিয়ে যৌতুক। ফলত পৰৱৰ্তী সময়ল ঋণ মাৰোতেই পিতৃমাতৃয়ে নিজৰ অসুখ হ’লে ক্ৰয় কৰিব নোৱাৰে নিজৰ ঔষধ। গতিকে তেনে সমাজব্যৱস্থা ত্যাগ কৰিব হ’ল। সেয়া ইমান সহজ নহয় যদিও চেষ্টা কৰিব পাৰি৷ জোৰোণত সোণৰ নেকলেছৰ সলনি দিব পাৰি অসমীয়া গহনা৷ আনহাতে, বিতু সোণোৱালেও কা বিৰোধী আন্দোলনৰ সময়ত ৭ মাহকৈ কাৰাবন্দিত্বৰ জীৱন কটোৱাৰ পাছত দলীয় আৰু সংগঠনিক কামকাজত জড়িত হোৱাৰ সময়ত মনৰ মিলন হোৱাত সম্পৰ্কটো গঢ়ি উঠা বুলি উল্লেখ কৰি জোৰোণত আঅলংকাৰ আৰু যৌতুকত এসোপামান সামগ্ৰী দিয়াৰ বিৰুদ্ধে একমত হোৱা বুলি উল্লেখ কৰে ৷ এনে ব্যৱস্থাই বহুতৰে জীৱন শেহতীয়াকৈ শেষ কৰি পেলাইছে৷ গতিকে আমি এইবোৰৰ পৰা আঁতৰি পৰম্পৰাগতভাৱে দুয়ো বিবাহপাশত আৱদ্ধ হ’বলৈ উলাইছো। গতিকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ৷ সমান্তৰালভাৱে হাতে লিখি ব্যক্তিক্ৰমভাৱে চপা কৰি উলিওৱা নিমন্ত্ৰণী পত্ৰখনেও আকৰ্ষণ কৰিছে সকলোৰে দৃষ্টি। দুয়োৰে মনৰ মিলনেৰে সাম্প্ৰতিক সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই সাহসেৰে আগুৱাই অহা জ্ঞানশ্ৰী বৰা আৰু বিতু সোণোৱালৰ যুগ্ম জীৱন সুখকৰ হওক।
প্ৰেৰক বিবেক বড়া
Featured