বিজেপি-অগপ-ইউপিপিএলৰ মুখপাত্ৰৰ গুৰুত্বপূৰ্ণ যৌথসভা

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰ : গুৱাহাটীৰ বড়োলেণ্ড গেষ্ট হাউছত আজি ইউ পি পি এল, অগপ আৰু ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ মুখপাত্ৰসকলৰ এখন গুৰুত্বপূৰ্ণ যৌথসভা অনুষ্ঠিত হয়। সভাত আগন্তুক সময়ত এন ডি এৰ অন্তৰ্গত তিনিওটা দলৰ যৌথ প্ৰচাৰ কৰ্মসূচী প্ৰস্তুত কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ আঁচনিসমূহ জনসাধাৰণৰ কাষলৈ লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যত তিনিওটা দলে পৃথকে পৃথকে নহয়, এনডিএ হিচাপে যাব ৰাইজৰ কাষলৈ। তদুপৰি মুখপাত্ৰসকলৰ বাবে কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰচাৰ মাধ্যমত এনডিএ হিচাপে থাকিব তিনিওটা দলৰ মিত্ৰজোঁটৰ মুখপাত্ৰ। আগন্তুক লোকসভা নিৰ্বাচনৰ কৰ্মসূচী দলীয় হ’ব। সভাত মিত্ৰজোঁটৰ মুখপাত্ৰৰ কৰ্মনিৰ্ধাৰণ গোট গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Featured