ডিফুত চাৰি লাখতকৈ অধিক ভোটত জয়ী হোৱাৰ দাবী বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ৰ

বিশেষ বাৰ্তা, ২৯ এপ্ৰিল : তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ লোকসভা সমষ্টি ৬নং ডিফুত চাৰি লাখতকৈ অধিক ভোট লাভ কৰি সমষ্টিটোত বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰিছে বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ই । জিলা সদৰ চহৰ ডিফুস্থিত বিজেপিৰ বাজপেয়ী ভৱন কাৰ্যালয়ত এখন সংবাদ মেলযোগে এই দাবী কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে কয় যে এইবাৰ নিৰ্বাচনত সমষ্টিটোৰ ৮,৯২,৭৮৯গৰাকী ভোটাৰৰ ৬,৩১,১১৩গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ইয়াৰে বিজেপিয়ে চাৰি লাখ আশী হাজাৰ ভোট লাভ কৰিব বুলি মন্তব্য কৰে বিজেপি প্ৰাৰ্থী অমৰছিং তিছ’ই ৷ মুঠ ভোটদানৰ ৮০ শতাংশ ভোট বিজেপি দলে লাভ কৰিব বুলি দাবী কৰি ২০ শতাংশ ভোটৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলেং আৰু নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাঠাৰৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব বুলি বিজেপি প্ৰাৰ্থীগৰাকীয়ে প্ৰকাশ কৰে ৷ শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱা বাবে তিনিওখন পাৰ্বত্য জিলাৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙক তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে তিছ’ই তিনিখন পাৰ্বত্য জিলাৰ প্ৰশাসনৰ মুৰব্বী আৰু বিজেপিৰ সভাপতি- সম্পাদকসকলকো ধন্যবাদ জ্ঞাপন কৰে ৷ বিজয়ী হৈ আহিলে তিনিখন পাৰ্বত্য জিলাৰ উন্নয়ন কৰাটোৱেই প্ৰধান লক্ষ্য হ’ব বুলি উল্লেখ কৰি শিক্ষাখণ্ডৰ উন্নয়নত অধিক মনোনিৱেশ কৰিব বুলি বিজেপি প্ৰাৰ্থীগৰাকীয়ে প্ৰকাশ কৰে ।

প্ৰেৰক ৰাজু কাঠাৰ

Featured