কংগ্ৰেছে জীয়াই ৰখা বৰাক-ব্ৰহ্মপুত্ৰৰ দূৰত্ব বিজেপিয়ে হ্ৰাস কৰিছে : সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ এপ্ৰিলঃ “কংগ্ৰেছৰ শাসনকালত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাৰ্থজড়িত বিষয় লৈ কেন্দ্ৰীয় মন্ত্ৰী, বিষয়াৰ সাক্ষাৎ পাবলৈ দিল্লীত দিনৰ পাছত দিন বোন্দাপৰ দিবলগীয়া হৈছিল। তেতিয়াই দেখিবলৈ পাইছিলোঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ প্ৰতি কংগ্ৰেছৰ নেতা, পালিনেতাৰ অৱহেলা, অনীহা আৰু নিষ্পেষণৰ মনোভাৱ। কংগ্ৰেছ চৰকাৰৰ
নিৰাশাজনক স্থিতি আৰু অপশাসনৰ বাবেই সমগ্ৰ বৰাক উপত্যকা দশক দশক ধৰি অৱহেলিত হৈ আছিল। কিন্তু তাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পৰাই সমগ্ৰ উত্তৰ-পূবৰ সমান্তৰালকৈ বৰাক উপত্যকায়ো উন্নয়নৰ নৱজাগৰণৰ সাক্ষী হৈছে। এতিয়া দিল্লী নিজেই উত্তৰ-পূৰ্বাঞ্চললৈ ধাৱমান হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশমৰ্মে প্ৰতিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, উচ্চপদস্থ বিষয়াই সঘনাই উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰাটো এতিয়া বাধ্যতামূলক। আনকি প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই বিগত ১০ বছৰত ৬৪বাৰতকৈও অধিক উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিছে। এয়া ভাৰতৰ ৰাজনৈতিক ইতিহাসতে বিৰল। দৃষ্টিভংগীৰ সলনি হোৱাৰ বাবেই এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলে সকলো দিশতে সৰ্বাঙ্গীণ বিকাশৰ সাক্ষী হৈছে। বৰাক উপত্যকাতো উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে।” -কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিলচৰত সাংসদ ৰাজদীপ ৰয়ৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি এই মন্তব্য প্ৰকাশ কৰে। দুদিনীয়া বৰাক ভ্ৰমণেৰে উপস্থিত হোৱা সৰ্বানন্দ সোণোৱালক আজি দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়। সোণোৱালে সংবাদ মেলত কয়, “মই মুখ্যমন্ত্ৰী হৈ থকাৰ কালছোৱাত বৰাক উপত্যকাৰ বাট-পথৰ দুৰ্গম অৱস্থাৰ ফলত হোৱা জ্বলন্ত সা-সমস্যাৰ সমাধান কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিলোঁ আৰু ইয়াৰ বাবে বিভিন্ন অভিলাষী পদক্ষেপ হাতত লৈছিলোঁ। কংগ্ৰেছৰ শাসনকালত বৰাকৰ যাতায়াত-যোগাযোগ একেবাৰে বিধ্বস্ত আছিল, মাত্ৰ কেই কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈয়ে ঘণ্টাৰ পাছত ঘণ্টাৰ প্ৰয়োজন হৈছিল। বৰাকবাসীৰ এই মৰ্মবেদনা উপলব্ধি কৰিয়েই আমি ‘বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম’ৰ শ্লোগানহে উন্নয়নৰ নতুন জাগৰণৰ সূচনা কৰিছিলোঁ আৰু বৰাকৰ পৰাই মোৰ কেবিনেটত গড়কাপ্টানী মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিছিলোঁ পৰিমল শুক্লবৈদ্যক, যাতে বৰাকৰ যাতায়াত-যোগাযোগ ব্যৱস্থা উন্নত হয়। বৰাকৰ যাতায়াত-যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ বাবে মই মুখ্যমন্ত্ৰী হৈ থকাৰ কালছোৱাত প্ৰায় ৪,৫০০ কোটি টকা ব্যয়েৰে বিভিন্ন পথ প্ৰকল্প ৰূপায়ণ কৰা হৈছিল। এতিয়া বৰাক দোপতদোপে সকলো দিশতে আগুৱাই গৈছে। কংগ্ৰেছে জীয়াই ৰখা বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজৰ দূৰত্বও আমাৰ চৰকাৰৰ দিনতেই হ্ৰাস কৰা হৈছে – সেয়া লাগিলে মানসিক দূৰত্বই হওক বা পথ দূৰত্বই হওক। প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বত ৫.৫০ লাখ কোটি টকাতকৈও অধিক পুঁজিৰে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ যাতায়াত-যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে বিভিন্ন অভিলাষী প্ৰকল্প ৰূপায়ণ কৰা হৈছে। ইয়াৰ ফলত বৰাকবাসীৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষা বাস্তৱায়িত হৈছে। সেয়েহে বৰাকবাসীৰ আস্থা-বিশ্বাস, সঁহাৰি-সমৰ্থন ব্যাপক ৰূপত কেৱল বিজেপি মিত্ৰজোঁটৰ সৈতেহে আছে। মোৰ দৃঢ় বিশ্বাস- কৰ্মোদ্যমী, ৰাষ্ট্ৰীয় চেতনাৰে উদ্বুদ্ধ, সকলোৰে মাজত প্ৰিয় পৰিমল শুক্লবৈদ্যই শিলচৰ লোকসভা সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ লোকসভালৈ নিৰ্বাচিত হ’ব। এইবাৰ দেশজুৰি বিজেপি নেতৃত্বাধীন এনডিএ-য়ে ৪০০ আসন পাৰ কৰাটো নিশ্চিত। অসমতো অতিকমেও ১২খন আসন বিজেপি মিত্ৰজোঁটকেই উপহাৰ দিব ৰাইজে।” তদুপৰি, বৰাকৰ নদীপথৰ বৰ্ধিত গুৰুত্বৰ কথাও সংবাদ মেলত উল্লেখ কৰি সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমি মুকলি কৰা প্ৰকল্পসমূহে আমাৰ সমৃদ্ধ জলপথৰ নেটৱৰ্কক অধিক শক্তিশালী আৰু ত্বৰান্বিত কৰিব। মোদীৰ গেৰাণ্টিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহক বিকশিত ভাৰত গঢ়াৰ দিশে শক্তি প্ৰদান কৰিছে। এতিয়া ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰ আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ অৰ্থাৎ বৰাকৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। ভাৰত-বাংলাদেশ প্ৰট’কল ৰুটৰ জৰিয়তে এই নদী দুখনক ভাৰতৰ আন প্ৰান্তৰ সৈতেও সংযোগ কৰা হৈছে। শেহতীয়াকৈ আমি উদ্বোধন কৰা কৰিমগঞ্জ তথা বদৰপুৰৰ টাৰ্মিনেলে কাৰ্গ’ আৰু যাত্ৰীৰ সুচল চলাচলৰ বাবে সমগ্ৰ অঞ্চলটোত জল পৰিবহণ আন্তঃগাথঁনি শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যাৰ ফলত অৰ্থনৈতিক বিকাশ তথা বাণিজ্যৰ সম্প্ৰসাৰণৰ পথ প্ৰশস্ত হ’ব। তদুপৰি শিলচৰত অতি শীঘ্ৰে গ্ৰীনফিল্ড বন্দৰ স্থাপন কৰা হ’ব। এই সকলো প্ৰকল্পই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ সবল দৃষ্টিভংগীক নৱগতিশীলতা দিব আৰু উত্তৰ-পূবক ভাৰতৰ বিকাশৰ শক্তিক্ষেত্ৰ হিচাপে ত্বৰান্বিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোৱা ১০ বছৰত আমি আমাৰ ২০,০০০ কিলোমিটাৰ দীঘল আভ্যন্তৰীণ জলপথ খণ্ডৰ সম্পূৰ্ণ সম্ভাৱনা বিকাশ আৰু অন্বেষণৰ বাবে উল্লেখনীয় প্ৰচেষ্টা চলাইছোঁ। উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহৰ উন্নতিৰ বাবে বিগত কেইবছৰমানত ১,০০০ কোটিতকৈও অধিক বিনিয়োগ কৰা হৈছে। এই প্ৰকল্পবোৰে অসমৰ উপৰি ইয়াৰ কাষৰীয়া ৰাজ্য মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ, মেঘালয় যোগাত্মক প্ৰভাৱ পেলাব। প্ৰধাননমন্ত্ৰী মোদীয়ে এক্ট ইষ্ট নীতিত বিশেষ গুৰুত্ব দিয়াৰ বাবেই উত্তৰ-পূৰ্বাঞ্চল দক্ষিণ-পূব এছিয়াৰ এক গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে উজলি উঠিবলৈ ধৰিছে।”

Featured