সুনীল গগৈৰ ঘাতকৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিও অসফল আৰক্ষী

নিয়মীয়া বার্তা, ৬ জুন : পাঁচটা দিন উকলিল ৰাজ্য জোকাৰি যোৱা ঢকুৱাখনাৰ বিজেপি নেতা সুনীল গগৈৰ হত্যাকাণ্ড। কিন্তু স্মাৰ্ট অসম আৰক্ষীয়ে আজিও সুনীল গগৈৰ হত্যাকাৰীৰ কোনো শুংসূত্ৰই উলিয়াব নোৱাৰিলে। আনফালে হত্যাকাণ্ড সংঘটিত হোৱা ৯৬ ঘণ্টাৰ পিছতো আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই ছিন্নমুণ্ডৰ। অসহায় লখিমপুৰৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে ঘাতকৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ পুৰস্কাৰ ঘোষণা কৰিও সফল হোৱা নাই আৰক্ষী। দুটাকৈ পুখুৰী সিঁচিও লাভ নকৰিলে ছিন্নমুণ্ড। উল্লেখ্য যে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সাপতীয়া চেতিয়া গাঁৱত ১ জুনৰ নিশা সংঘটিত হৈছিল ৰাজ্য কঁপাই যোৱা সুনীল গগৈৰ লোমহৰ্ষক হত্যাকাণ্ড। শনিবাৰে নিশাই নৃশংস হত্যাকাৰীয়ে অতি পৰিকল্পিতভাৱে হত্যা কৰিছিল ঢকুৱাখনাৰ বিজেপি নেতা তথা জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈক। ঘৰৰ পৰা ৩০০ মিটাৰ নিলগৰ এখন চোমনিত উদ্ধাৰ হৈছিল সুনীল গগৈৰ মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহ।সন্দেহ- ইন্ধন জাতীয় সামগ্ৰী ঢালি জ্বলোৱা হৈছিল মৃতদেহ।ৰাজ্য জোকাৰি যোৱা এই নৃশংস হত্যাকাণ্ডৰ অপৰাধ অনুসন্ধান বিভাগৰ মহাপৰিদর্শক সংযুক্তা পৰাশৰৰ নেতৃত্ব চলিছে তদন্ত। ঘটনাস্থলীত উপস্থিত হৈ তদন্তৰ বুজ লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত গঠন হ’ল বিশেষ তদন্তকাৰী গোট। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত এই ঘটনাক ‘চিৰিয়াছলি’ লোৱা বুলি মন্তব্য কৰাৰ পিছতো কিন্তু বিগত ৫ টা দিনত হত্যাকাণ্ডৰ প্রকৃত উদ্দেশ্য আৰু হত্যাকাৰীক চিনাক্ত কৰাত নির্লজ ভাবে ব্যৰ্থ হৈছে আৰক্ষী।অতি পৰিকল্পিতভাৱে সুনীলক হত্যাকৰি হত্যাকাৰীয়ে লৈ যোৱা ছিন্নমুণ্ডৰো নাই কোনো সন্ধান। দিনে ৰাতিয়ে ঘটনাস্থলীৰ সমীপৰ সকলো হাবি-বননী, খাল-বাম একাকাৰ কৰি নিৰৱচ্ছিন্নভাৱে সন্ধান চলায়ো মুণ্ড উদ্ধাৰত ব্যৰ্থ হৈছে আৰক্ষী।হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা ৫০ মিটাৰ নিলগৰ দুটাকৈ পুখুৰী সিঁচি SDRFৰ সহায়ত চলোৱা হ’ল সুনীলৰ ছিন্নমুণ্ডৰ সন্ধান। কিন্তু তাতো আৰক্ষীয়ে নাপালে কোনো সন্ধান।আৰক্ষীৰ সন্দেহ-হত্যাকাৰী অতি চতুৰ আৰু নিপুণ আছিল। প্ৰফেছনেল কিলাৰ ব্যৱহাৰ কৰাৰ সন্দেহ আৰক্ষীৰ।কাৰণ,তথ্য প্ৰমাণ নৰখাকৈ ঘটনাস্থলী এৰি যোৱাটো একমাত্ৰ প্ৰফেছনেল কিলাৰৰ বাবেহে সম্ভৱ।বাৰে বাৰে তথ্য প্ৰমান সংগ্ৰহ কৰিবলৈ গৈয়ো উজুটি খাব লগা হৈছে অসম আৰক্ষী,ফৰেনচিক বিশেষজ্ঞৰ দল।কাৰণ,সমগ্ৰ তদন্ত নিৰ্ভৰ কৰিব ফৰেনচিক তথ্য প্ৰমাণৰ ওপৰত।আৰু সেইবাবেই অসম আৰক্ষীৰ আহ্বান মৰ্মে শেহতীয়াকৈ গুজৰাটৰ পৰা ঢকুৱাখনাত উপস্থিত হ’লহি দেশৰ প্ৰখ্যাত ফৰেনচিক বিশেষজ্ঞ কেশৱ কুমাৰ।গুজৰাটৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কেশৱ কুমাৰৰ নিৰ্দেশত ঘটনাস্থলীৰ পৰা পুনৰবাৰ সংগ্ৰহ কৰা হ’ল নমুনা।আৰক্ষীয়ে ফৰেনচিক বিশেষজ্ঞৰ সহযোগত ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰিলে আধা জ্বলা বাঁহৰ টুকুৰা, এঙাৰ,চাই। ইফালে সুনীল গগৈৰ পত্নীয়ে উত্থাপন কৰা অভিযোগৰ ভিত্তিত কাৰাগাৰৰ ভিতৰত আৰক্ষীয়ে জেৰা চলাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক। এই নৃশংস হত্যাকাণ্ডৰ আঁৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলত সংঘটিত হোৱাৰ ব্যাপক কেলেংকাৰীৰ যুগসূত্ৰ থকাৰ অভিযোগ উঠিছিল। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ঘোচখোৰ জয়ন্ত গোস্বামীক দুৰ্নীতি নিবাৰকৰ হাতত হাতত ধৰাই দিয়াৰ বাবেই বিভাগীয় বিষয়া ঠিকাদাৰৰ এটা চক্ৰই সুনীলক ধৰাই দিয়াৰ সন্দেহ ব্যক্ত কৰিছিল পৰিয়ালৰ পৰা মন্ত্ৰী ৰনোজ পেগুলৈ সকলোৱে।উল্লেখ্য যে সকলোৰে মন মগজু জোকাৰি যোৱা বৰ্বৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)৩০২/২০১/৩৪ ধাৰাত এক গোচৰ ( নং-৩৯/২০২৪)পঞ্জীয়ন হৈছে। অপৰাধ অনুসন্ধান বিভাগৰ সমান্তৰালকৈ বিশেষ তদন্তকাৰী গোটে পৃঠকে পৃঠকে দিনে-নিশাই তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ পিছতো হত্যাকাৰী আৰু হত্যাকাণ্ডৰ নিশ্চিত তথ্য উদ্ধাৰত ব্যৰ্থ হোৱা অসহায় আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান দিওঁতালৈ ঘোষণা কৰিছিল ৫০ হাজাৰ পুৰস্কাৰ।আৰক্ষীয়ে সন্ধান দিওঁতাৰ তথ্য গোপনে ৰাখি 6026900825 ফোন নম্বৰত আৰক্ষীক যোগাযোগৰো আহ্বান জনাইছিল।কিন্তু,ৰাইজৰ পৰা সহায় বিচাৰিও এই মুহূৰ্তলৈকে সফল হোৱা নাই অসম আৰক্ষী। ফলত সুনীল গগৈৰ হত্যাকাণ্ডৰ ঘটনা আজিও যেন ধূসৰ হৈ আছে৷প্ৰশ্ন হয়, ৰাজ্য কঁপাই যোৱা এই নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীক বিচাৰি উলিওৱাত কেতিয়া সফল হ’ব অসম আৰক্ষী? কেতিয়া ন্যায় পাব সুনীল গগৈৰ দুৰ্ভগীয়া পত্নী-পুত্ৰই?

প্ৰেৰক পুলকজ্যোতি বৰা

Featured