ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া সন্তান গেৰি পেগুৰ দায়িত্ব ল’লে বিজেপিৰ মিডিয়া পেনেলিষ্ট সুৰঞ্জন দত্তই

নিয়মীয়া বাৰ্তা, ১৩জুনঃ শুকুৰবাৰে মহানগৰী গুৱাহাটীত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডই এতিয়া জোঁকাৰিছে ৰাজ্য। এখন টুলত বহাক কেন্দ্ৰ কৰি হোৱা সাধাৰণ তৰ্ক-বিতৰ্কই কাল হ’ল ঋতুপৰ্ণৰ পেগু নামৰ ধেমাজিৰ যুৱকজনৰ। নিষ্ঠুৰভাৱে ৰডেৰে মৰিয়াই চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰে বিবেকহীন একাংশই।

এই হত্যাকাণ্ডৰ পাছতে ঋতুপৰ্ণৰ পেগুৰ অসহায় পৰিয়ালটোৰ কাষত থিয় দিছে বিজেপি কৰ্মী সুৰঞ্জন দত্ত । অসম বিজেপিৰ মিডিয়া পেনেলিষ্ট সুৰঞ্জন দত্তই মানৱতাৰ নিদৰ্শন দাঙি ধৰি মৃত ঋতুপৰ্ণৰ পেগুৰ নমহীয়া পুত্ৰ সন্তান গেৰি পেগুৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণৰ সিদ্ধান্ত লৈছে ।

সামাজিক মাধ্যম ফেছবুকত সুৰঞ্জন দত্তই লিখিছে- “মই মৃত ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া পুত্ৰ গেৰি পেগুক গঢ় দিয়াৰ দ্বায়িত্ব ল’লো ।”

দত্তৰ এই ঘোষণাৰ পাছতে, ছ’চিয়েল মিডিয়াত তেওঁক সকলোৱে প্রশংসা কৰিছে ।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে- “কোনে কৈছে মানৱতা শেষ হৈ গৈছে ? মানৱতা নাইকিয়া হোৱা নৃশংস সমাজখনৰ মাজতো কেতিয়াবা মানৱতা বিচাৰি পোৱা যায় । দুখৰ মাজতো কিছুমান ভাল খবৰে মনতো পুলকিত কৰি তোলে । যোৱা কালি মহানগৰীত ঘাটকে অতি নৃশংসভাবে ঋতুপৰ্ণ পেগুক ডিঙি হত্যা কৰিছিল । দুৰ্ভগীয়া পৰিয়ালটোলৈ সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহি ভাৰতীয় জনতা পাৰ্টীৰ মিডিয়া পেনেলিষ্ট সুৰঞ্জন দত্তই মৃত ঋতুপৰ্ণ পেগুৰ ৯ মহীয়া সন্তান গেৰি পেগুৰ জীৱন গঢ় দিয়াৰ দায়িত্বৰ লগতে পৰিয়ালটোৰ সমস্ত দায়িত্ব লয় । আপোনাৰ মহানুভৱতাক দাদা চেলুট জনাইছো ।”

হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতেই কোলাত ৯ মহীয়া সন্তানটি লৈ ঘটনাস্থলীত উপস্থিত হোৱা অসহায় পত্নীয়ে স্বামীৰ মৃতদেহৰ পিছে পিছে খোজ দি সহায় ভিক্ষা কৰাৰ এক দৃশ্য বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

ইপিনে শুকুৰবাৰে গুৱাহাটীৰ নুনমাটিত ৫ জনীয়া দলে ঋতুপৰ্ণ পেগুক নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে এতিয়াও অব্যাহত আছে চাঞ্চল্য ।

সামান্য তৰ্কা-তৰ্কিৰ ফলতে মৃত্যু হোৱা ঋতুপৰ্ণৰ মৃত্যুত জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ । দিন-দুপৰতে সংঘটিত হোৱা এই নৃশংস ঘটনাক একেমুখে গৰিহনা দিছে সকলোৱে। শীঘ্ৰে দোষীক উচিত শাস্তি দিয়াৰ দাবী জনাই শনিবাৰে ৰাজ্যৰ বিভিন্ন স্থানত উত্তাল প্ৰতিবাদো সাব্যস্ত কৰে সংগঠনসমূহে।

শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই হত্যাকাণ্ডৰ তদন্ত CID ক দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে।

আনহাতে দুৰ্ভগীয়া ঋতুপৰ্ণ পেগুৰ নিঠৰুৱা পৰিয়ালটোৰ কাষত আজি বিজেপি যুৱমৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মণ উপস্থিত হৈ ঋতুপৰ্ণ পেগুৰ পত্নীৰ হাতত ৫০,০০০ টকা আগবঢ়ায় । তাৰোপৰি পৰৱৰ্তী সময়ত ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীয়ে যাতে কঠোৰ শাস্তি পাই এই ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াত হ’বলগীয়া খৰছৰ সকলো ব্যয় যুৱমৰ্চাই বহণ কৰিব বুলিও অনুপ বৰ্মণে ঘোষণা কৰে ৷

ASSAM POLICEBJPFeatured