পক্ষপাতিত্ব নকৰি উন্নয়নৰ যাত্ৰা অক্ষুণ্ণ ৰাখিছে বিজেপি মিত্ৰজোঁট চৰকাৰে

🔴পৰ্বতঝোৰাত বিজেপিৰ বিশাল জনসভাত মন্ত্ৰী বিমল বৰা

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰ : পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বাশবাৰী খেলপথাৰত আজি কোকৰাঝাৰ জিলা বিজেপি আৰু পৰ্বতঝোৰা মন্ডল বিজেপিৰ উদ্যোগত এক বিশাল জনসভা অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা বিজেপিৰ সভানেত্ৰী কবিতা বসুমতাৰীয়ে আঁত ধৰা সভাখনত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা। সভাত উপস্থিত থাকি মন্ত্ৰী বৰাই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি মিত্ৰদলৰ চৰকাৰখন অতদিনে সমাজখন অৱহেলিত বঞ্চিত জনসাধাৰণক আগবঢ়াই লৈ যোৱাৰ বাবে অহোপুৰুস্বাৰ্থ কৰি আছে। বিগত সময়ত সকলো ফালৰ পৰা বঞ্চিত ৰাইজক বৰ্তমানৰ বিজেপি মিত্ৰ দলৰ নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন উণ্ণয়নমূলক আঁচনিৰ যোগেদি সুবিধা লাভ কৰিছে। বৰ্তমানৰ বিজেপি নেতৃত্বত চলা চৰকাৰখনে সবকা সাথ সবকা বিকাশৰ যোগেদি কাকো পক্ষপাত নকৰি উণ্ণয়নৰ যাত্ৰা অক্ষুণ্ণ ৰাখিছে। সভাত বলেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে বৰ্তমানৰ বিজেপিৰ চৰকাৰখনে ৰাইজৰ উণ্ণয়নৰ হকে কাম কৰি থকাৰ কথা উল্লেখ কৰে। সভাত বিজেপিৰ বিধায়ক তথা পৰ্বতঝোৰাৰ বিজেপিৰ তত্বাবধায়ক হেমাংগ ঠাকুৰীয়া, অ বি চি উণ্ণয়ণ নিগমৰ উপাধক্ষ্য বিশ্বজিৎ ৰায় , পৰ্বতঝোৰা মন্ডল বিজেপি দলৰ সম্পাদক নাৰায়ণ পাল আদিকে দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে।

প্ৰেৰক পাৰ্থসাৰথি চক্ৰবৰ্তী

Featured