ৰূপহীহাটৰ লৰিৰমুখত কংগ্ৰেছীৰ আক্ৰমণত আহত বিজেপি কৰ্মী 

🔹 ই-ৰিক্সাচালক আলী হুছেইনে ভাৰা বিচৰা বাবেই মাৰপিট

নিয়মীয়া বাৰ্তা,  ২৬ ছেপ্টেম্বৰ : ৰূপহীহাটৰ লৰিৰমুখত যোৱানিশা কংগ্ৰেছৰ ভেৰোণীয়া গুণ্ডা বাহিনীৰ আক্ৰমণত এজন ই-ৰিক্সাচালকৰূপী বিজেপি কৰ্মী আহত হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কালি আবেলি কাঠপাৰা বজাৰত কংগ্ৰেছ দলৰ এখন সভা অনুষ্ঠিত হৈছিল৷ উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ৷ উক্ত সভাত ই-ৰিক্সাৰে মানুহ অনা-নিয়া কৰিছিল বিজেপি কৰ্মী আলী হুছেইনে ৷ সন্ধিয়া যেতিয়া পশ্চিম লৰিৰমুখস্থিত ৰকিবুল হুছেইনৰ বাসগৃহত আলী হুছেইনে ভাৰা বিচাৰে, তেতিয়া মেৰাজুল ইছলামসহ ৬জনকৈ লোকে আলী হুছেইনক আক্ৰমণ কৰে৷ ফলত গুৰুতৰভাৱে আহত হয় ই-ৰিক্সাচালক আলী হুছেইন ৷ আহত আলী হুছেইনক ৰাইজৰ তৎপৰতাত প্ৰথমে কাৱৈমাৰী নুৰুল হুছেইন এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে৷ ৷ আলী হুছেইন বিজেপি দলৰ কৰ্মী হোৱা বাবেই ভাৰা নিদি আক্ৰমণ কৰিছিল কংগ্ৰেছীসকলে ৷ ঘটনা সন্দৰ্ভত আলী হুছেইনৰ পৰিয়ালে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ এজাহাৰৰ ভিত্তিত কাৱৈমাৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

Featured