চাৰিদুৱাৰত বিজেপিৰ নৱ মত দাতা সন্মিলন

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰী : বিজেপিৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ অনুসৰি ভাৰতীয় জনতা যুৱ মৰ্চা চাৰিদুৱাৰ মণ্ডলৰ উদ্যোগত আজি চাৰিদুৱাৰত এখন নৱ মত দাতা সন্মিলন অনুষ্ঠিত হয়। চাৰিদুৱাৰ সীমান্ত মিলন সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত সন্মিলনখনত চতিয়া সমষ্টিৰ (সদ্যঘোষিত নদুৱাৰ) বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি বিজেপিয়ে উন্নয়নমূলক কাৰ্যকলাপৰ যোগেদি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা বুলি মত প্ৰকাশ কৰি নতুন ভোটাৰ সকলে গণতন্ত্ৰ শক্তিশালীকৰণত গুৰুত্বপূৰ্ণ তথা নিৰ্ণায়ক ভূমিকা পালন কৰাতো জৰুৰী বুলি কয়। অনুষ্ঠানত দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা অৰুণ ভূঞা, চাৰিদুৱাৰ মণ্ডলৰ প্ৰভাৰী বাপ্পা ঘোষ, জিলা অনুসূচিত জাতি মৰ্চাৰ সভাপতি প্ৰশান্ত হাজৰিকা, চাৰিদুৱাৰ জিলা পৰিষদৰ সদস্য কৃষ্ণ কোচ, চাৰিদুৱাৰ মণ্ডলৰ অন্তৰ্গত প্ৰতিখন গাঁও পঞ্চায়তৰ বিষয়ববীয়া, প্ৰতিনিধি, যুৱ মৰ্চাৰ বিষয়ববীয়া , নতুন ভোটাৰসকল উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল বৰা

Featured