হাজোৰ কুলহাটীত পঞ্চায়ত কাৰ্যালয়ত বিস্ফোৰণ

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : হাজোৰ কুলহাটী পাঁচগাঁও গাওঁ পঞ্চায়ত কাৰ্যালয়ত সংঘটিত হৈছে এক বিস্ফোৰণৰ ঘটনা।কাৰ্যালয়ৰ কাম কাজ চলি থকাৰ সময়তে কাৰ্যালয়টোৰ এটা কোঠাত সংঘটিত বিস্ফোৰণত আতংকিত হৈ পৰে কাৰ্যালয়টোৰ কৰ্মচাৰীৰ লগতে উপস্থিত ৰাইজ।আনকি কাৰ্যালয়টোৰ কোঠাটোত হোৱা ভয়ংকৰ শব্দৰ পিছতে কোঠাটোৰ পকী মজিয়া ফাটি ওপৰলৈ উঠি অহাৰ লগে লগে চৌদিশে পানীয়ে আবৰি ধৰাত এক আতংকিত পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে এই ঘটনাত সৌভাগ্য ক্ৰমে কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে। কাৰ্যালয়টোৰ সমীপতে থকা জলজীৱন মিছনৰ আঁচনিৰ ফাইপ ফাটি এই বিস্ফোৰণ হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, এই ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় দহ মিনিট পূৰ্বে অসম বিধানসভাৰ এটা পৰ্যবেক্ষণকাৰী দল কাৰ্যালয়টোত উপস্থিত আছিল। লক্ষনীয় যে, দুবছৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী ফগ্গন সিং কুলস্তেই গ্ৰামোন্নয়ন আৰু পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত উদ্বোধন কৰিছিল দুমহলীয়া এই কাৰ্যালয় গৃহটো।যদিহে জলজীৱন মিছনৰ পাইপ ফাটি এনে ঘটনা সংঘটিত হৈছে, তেন্তে কাৰ্যালয় গৃহটোৰ নিৰ্মাণকাৰ্যত কোনো গাফিলতি কৰিছিল নেকি ঠিকাদাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষই। তাৰেই পৰিপ্ৰেক্ষিতত চৰকাৰী ধন শৰাধ কৰি নিৰ্মাণ কাৰ্যত গাফিলতি কৰা বিষয়া, ঠিকাদাৰৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে।

প্ৰেৰক শ্বাহজাহান ইছলাম

Featured