বাঘবৰত লুইতৰ বুকুত ভয়াৱহ নাও দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰ : বাঘবৰৰ মিলন বজাৰত পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত। এইবাৰ খেলত অংশগ্ৰহণ কৰা নাও ডুব গ’ল ব্ৰক্ষ্মপুত্ৰৰ বুকুত। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই। নদীৰ বুকুত থকা অন্যান্য ভূটভূটী  আৰু SDRF বাহিনীৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে পানীত ডুব যোৱা ব্যক্তিসকলক । উল্লেখযোগ্য যে মিলন বজাৰ যুৱ সংঘৰ উদ্যোগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ১৬ আৰু ১৭ ছেপ্টেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে এই বিশাল নাও খেল প্ৰতিযোগিতাখন ।
প্ৰেৰক আব্দুল আজিজ আহমেদ
Featured