লাডাখৰ বৰফত ১০ মাহে সমাধিস্থ গোগামুখৰ জোৱানৰ মৃতদেহ উদ্ধাৰ

🔹  বিগত বর্ষৰ ৮ অক্টোবৰত হৈছিল নিখোজ

বিশেষ বার্তা, ১০ জুলাই : বিগত বর্ষৰ ৮ অক্টোবৰত লাডাখৰ গুলমার্গত ভাৰতীয় সেনাৰ এটা বিশেষ প্রশিক্ষণৰ সময়ৰ পৰা বৰফৰ মাজত সন্ধানহীন হৈ আছিল চাৰিজন জোৱান৷ শীর্ষ সেনা বিষয়াই পৰিয়ালক জানিবলৈ দিয়া মতে, লাডাখত বৰফ অধিক বৃদ্ধি পোৱাৰ বাবে ১০ মাহে সন্ধানহীন তিনিজনৰে মৃতদেহ উদ্ধাৰ কৰাটোও অসম্ভৱ আছিল৷ ১০ মাহ ধৰি নেৰানেপেৰা প্রচেষ্টাত অসম্ভৱ কাম সম্ভৱ কৰি তিনিও জোৱানৰ মৃতদেহ উদ্ধাৰ হয়৷ তাৰে ভিতৰত গোগামুখৰ হাবিলদাৰ গৌতম ৰাজবংশীও আছে৷ যোৱা ৬ জুলাইত তাৰে এজন জোৱানৰ মৃতদেহ, ৭ জুলাইত বাকী দুজন জোৱানৰ মৃতদেহ উদ্ধাৰ হয়৷ উল্লেখ্য যে অক্টোবৰত লাডাখৰ গুলমার্গত ভাৰতীয় সেনাৰ এক বিশেষ প্রশিক্ষণ চলি থাকোঁতে ভয়ংকৰ বৰফ স্খলনত গোগামুখৰ গৌতম ৰাজবংশীসহ চাৰিজন জোৱান নিখোজ হয়৷ এই খবৰ গৌতম ৰাজবংশীৰ ঘৰত পোৱাৰ লগে লগে চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোক৷ সম্পূর্ণ ১০ মাহ পাছত কালি ধেমাজি জিলাৰ গোগামুখস্থিত ঘৰলৈ সেনা বাহিনীৰ উচ্চপদস্থ বিষয়াই ফোনযোগে খবৰ দিয়ে যে জোৱান গৌতম ৰাজবংশীৰ মৃতদেহ উদ্ধাৰ হৈছে৷ কালি জম্মু–কাশ্মীৰত জোৱানজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়৷ জোৱানজনক বিশেষ বিমানযোগে আজি ঘৰলৈ অনা হ’ব বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকক৷ উল্লেখ্য যে প্রায় ১০ মাহ সন্ধানহীন হৈ থকা গোগামুখৰ গৌতম ৰাজবংশীৰ পত্নী চুনু ৰাজবংশীয়ে স্বামী জীৱিত অৱস্থাত আহিব বুলি শিৰত সেন্দূৰ জিলিকাই ৰাখিছিল৷ ৮ বছৰীয়া একমাত্র পুত্র নেপুলিয়ন ৰাজবংশীয়ে দেউতাক আহিব বুলি আশাৰে অপেক্ষা কৰি আছিল৷ বিশেষ প্রশিক্ষকৰ দায়িত্বত আছিল ধেমাজি জিলাৰ গোগামুখৰ গৌতম ৰাজবংশী নামৰ ৩১ বছৰীয়া জোৱানজন৷ ২০১১ চনতে তেওঁ সেনা বাহিনীত যোগদান কৰি প্রশিক্ষক হিচাপে পদোন্নতি লাভ কৰিছিল৷ প্রশিক্ষণ প্রদান কৰি থকা অৱস্থাতে হঠাৎ বৰফেৰে আবৃত্ত পর্বতৰ পৰা খহি পৰা বৰফত পোত যায় গোগামুখৰ গৌতম ৰাজবংশীৰ লগতে আন তিনিজন সেনা জোৱান৷

Featured