নগাঁৱত বলীউড তাৰকা অনিল কাপুৰ

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ আজি নগাঁৱত বলীউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ উপস্থিত হয়। বক্স অফিচত এনিমেলে অভূতপূৰ্ব সফলতা লাভ কৰাৰ মাজতে হঠাৎ নগাঁও বৰঘাট বাইপাছৰ এখন ৰেষ্টুৰেন্টত দেখিবলৈ পোৱা গল অনিল কাপুৰক। পৰ্যটক হিচাপে অসমলৈ অহা বিশিষ্ট অভিনেতাজনে অসমীয়া খাদ্যৰ জুতি লয় ৰেষ্টুৰেন্টখনত। অনিল কাপুৰক কাষত পাই হোটেলৰ কৰ্মীসকল আনন্দত আত্মহাৰা হৈ পৰে।

প্ৰেৰক কনক হাজৰিকা

Featured