বুথ কী বাত অনুষ্ঠানত অংশ গ্ৰহণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ  ৰাজ্যজুৰি বিজেপিৰ উদ্যোগত ”বুথ কী বাত”। জালুকবাৰীত সাধাৰণ ভোটাৰ হিচাপে বুথ কী বাতত অংশ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ এই ৰণনীতি প্ৰস্তুত কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

চৰকাৰৰ আচঁনিসমূহ ৰাইজৰ মাজলৈ লৈ যাওক। তেতিয়াহে সাধাৰণ জনতা আকৃষ্ট হ’ব বিজেপিলৈ। এই আহ্বান জনালে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে ২৮০০০ বুথত এই বুথ কী বাত সভা অনুষ্ঠিত হৈছে ।