ধুবুৰীত সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ কাৰ্গিল বিজয় দিৱস

নিয়মীয়া বাৰ্তা, ২৬ জুলাই : আজি কাৰ্গিল বিজয় দিৱস। সেই উপলক্ষে আজি ধুবুৰীৰ পাঁচমোৰত সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এক বিশেষ কাৰ্যসূচী। আজি সন্ধিয়া ধুবুৰী চহৰৰ পাঁচমোৰত অনুষ্ঠিত হোৱা সেই বিশেষ কাৰ্যসূচীত কাৰ্গিল যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সেনাৰ বীৰ সেনানীসকলক শ্ৰদ্ধাৰে সোঁৱৰা হয়। ভাৰত মাতাৰ পূজনেৰে আৰম্ভ সেই অনুষ্ঠানত শ্বহীদ বেদীত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্গিল যুদ্ধত দেশৰ বাবে প্ৰাণ আহুতি দিয়া ভাৰতীয় সেনাৰ ৫২৭গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰ আজিৰ কাৰ্গিল বিজয় উৎসৱৰ উক্তত কাৰ্যসূচীৰ অন্ত পৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured