বিটিআৰত বিজেপিত যোগদান শতাধিক বিপিএফ কৰ্মীৰ

🔹 ননৈ চেৰফাং পৰিষদীয় সমষ্টিত বিপিএফত খহনীয়া

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ : বিটিআৰত বিজেপিৰ ভেটি মজবুত তথা বিটিআৰ দখলৰ লক্ষ্যৰে দিনে-নিশাই উঠি-পৰি লাগিছে ভাৰতীয় জনতা পাৰ্টী। নিৰ্বাচনৰ পূৰ্বেই যোগদানৰ ঢৌ উঠিছে ভাৰতীয় জনতা পাৰ্টীত । বিটিআৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ সময়তে ভাৰতীয় জনতা পাৰ্টী আৰু ইউপিপিএলৰ মাজত এতিয়া চলিছে যোগদানৰ প্ৰতিযোগিতা। ৩৩ নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিত বিপিএফত বৃহৎ খহনীয়া। প্ৰতি মুহূৰ্ততে বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান । বিপিএফৰ প্ৰাক্তন এমচিএলএ সুৰেশ তাঁতীয়ে বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছৰ পৰাই এতিয়া সুৰেশ তাঁতীৰ নেতৃত্বত প্ৰতিদিনে ভাৰতীয় জনতা পাৰ্টীত যোগদান বিপিএফ নেতা-কৰ্মীৰ। দেওবাৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰতিনিধি জৌশ্ৰাং বড়ো আৰু জিলা সম্পাদক জয়কান্ত শৰ্মাৰ উপস্থিতিত ডিমাকুছিত ৩৩নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ ব্লক বিপিএফৰ সভানেত্ৰী, গোৰ্খা চেলৰ সম্পাদক, এছচি আৰু এছটি মৰ্চাৰ বিষয়ববীয়াসহিতে শতাধিক লোকে বিধায়কৰ কাম-কাজত আকৃষ্ট হৈ নাঙল ত্যাগ কৰি গেৰুৱা বাহিনীত যোগদান কৰে। ৩৩নং ননৈ চেৰফাং পৰিষদীয় সমষ্টিত গেৰুৱা বাহিনীয়ে জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰে প্ৰাক্তন এমচিএলএ সুৰেশ তাঁতীয়ে।

প্ৰেৰক পিংকু কলিতা

Featured