অভাৱনীয়ভাৱে শুকাইছে ব্ৰহ্মপুত্ৰ : হোৰাহোৰে নামিছে জলস্তৰ

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰঃ ’মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ’… ৷ স্বনামধন্য শিল্পী ড° ভূপেন হাজৰিকাই গোৱা সেই কালজয়ী গীতত উল্লেখিত মহাবাহু ব্ৰহ্মপুত্ৰ ভৱিষ্যতে চিৰ প্ৰৱাহমান, মিলনতীৰ্থ হৈ থাকিবনে! এনে দুঃচিন্তাই আৱৰি ধৰিছে ব্ৰহ্মপুত্ৰ নৈপৰীয়া লোকসকলক৷ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিনিয়ত বৈ থকা বিশাল বৰলুইৰ পানী অতি সম্প্ৰতি অভাৱনীয়ভাৱে শুকাই যাবলৈ ধৰিছে ৷ বৰ্তমান বুঢ়ালুইতৰ বুকু ৰূপোৱালী বালিৰে ভৰপুৰ৷ গভীৰ নদী শুকাই গৈ মাজে মাজে বালি পৰি বিশাল ব্ৰহ্মপুত্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সুতিত পৰিণত হৈ আহিছে ৷ মাছ-পুঠিও সন্ধিহান হ’বলৈ ধৰিছে৷ দুস্প্ৰাপ্য শিহুৰ কেলি দেখিবলৈ নোহোৱা হ’ল ৷ চাৰিফালে মাথো শুকান বালি আৰু বালি৷ বাৰিষাৰ বতৰ গ’লহে মাথোন ৷ নৱেম্বৰৰ প্ৰথম ভাগতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অকল্পনীয় ভাবে শুকাই যোৱাত বিশেষকৈ মৎসজীৱি সকলৰ লগতে নৈ পৰীয়া ৰাইজৰ মনত নানান দুচিন্তাই আৱৰি ধৰিছে ৷ বিশেষকৈ পূব শুৱালকুছিৰ কৈৱৰ্ত্তপাৰা অঞ্চলৰ নদীৰ পাৰতে বসবাস কৰা পৰিয়াল সমুহে নদীখনক লৈয়ে জীৱন নিৰ্বাহ কৰি আছে৷ নদীত মাছ ধৰি পৰিয়াল পোহপাল দি সন্তানক পঢ়ুৱাইছিল৷ নদী শুকাই গৈ তলি ওলালে তেঁওলোকৰ কি অৱস্থা হ’ব৷ দুবেলা দুমুঠি খাবই নে লৰা-ছোৱালীক শিক্ষিত কৰিব৷ তেওঁলোকৰ নদীখনক লৈ বহুত পৰিকল্পনা৷ সেই পৰিকল্পনাবোৰত ক্ৰমাগত ভাৱে জটিলতা আহি পৰিছে৷ ভাৰাক্ৰান্ত হৈ পৰিছে পৰিয়াল সমুহ৷ ক’ত যাব! কি কৰি পৰিয়াল চলাব ! মন কৰিব লগীয়া যে যোৱা কেইবছৰমান ধৰি ব্ৰহ্মপুত্ৰৰ পানী ক্ৰমাৎ কমি অহাৰ কাৰণ নদীটোৰ ওপৰত দিয়া নদী বান্ধবোৰ বুলি ধাৰণা কৰা হৈছে৷ এফালে চীন দেশে ব্ৰহ্মপুত্ৰৰ পানী নিছে আনফালে নদীবান্ধ বোৰে পানী আবদ্ধ কৰি ৰাখিছে৷ ফলশ্ৰুতিত সৰ্বসাধাৰণ ৰাইজৰ ক্ষতি হবলৈ ধৰিছে৷ অসমৰ জাতীয় অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন সামাজিক সংগঠন ৰাজনৈতিক দলে নদীবান্ধৰ বিৰোধীতাৰ পিছতো চৰকাৰৰ গা নলৰিল৷ তাৰ ফল সাধাৰণ জনতাই ভোগ কৰি আহিছে ৷ মহাবাহু ব্ৰহ্মপুত্ৰক চিৰ প্ৰবাহমান কৰি জীয়াই ৰাখিবলৈ চৰকাৰে শীঘ্ৰে সু-পৰিকল্পনাৰে সঠিক চিন্তা নকৰিলে বিশেষকৈ নৈপৰীয়া লোকসকল এক ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিব৷ নহলে বিশ্ব বৰণ্যে শিল্পী ড°ভূপেন হাজৰিকাই ব্ৰহ্মপুত্ৰত লৈ ৰচনা কৰা গীতত প্ৰকাশ পোৱাৰ দৰে গীততে উল্লেখ থাকি বাস্তৱত বিপৰীত হ’ব৷ এয়া মাথো সময়ৰ অপেক্ষাত !

প্ৰেৰক দিলীপ মেধি

Featured