দক্ষিণ শালমাৰাত বৰলুইতৰ ভয়ংকৰ ৰূপ

নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ নামনিৰ দক্ষিণ শালমাৰাত বৰলুইতে লৈছে ভয়ংকৰ ৰূপ। ইতিমধ্যে নৈখনৰ কোবাল সোঁতত একাংশ উটুৱাই লৈ গৈছে অঞ্চলটোৰ ফকিৰগঞ্জ-নস্কৰা-শালকাটাৰ মাজত থকা লোকনিৰ্মাণ বিভাগৰ একমাত্ৰ পথৰ এছোৱা। ফলত বৰ্তমানে গুৱাহাটীকে ধৰি বহিঃবিশ্বৰ সৈতে স্থল পথেৰে কাৰ্যতঃ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৃহত্তৰ সেই অঞ্চলটোৰ। জানিব পৰা মতে বৰলুইতৰ খহনীয়া হৈছে গুৰুত্বপূৰ্ণ সেই পথটোত। উল্লেখ্য, ইতিমধ্যে ধুবুৰীত বৰলুইতৰ জলস্তৰে অতিক্ৰম কৰিছে বিপদসীমা।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured