ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি : উজনি মাজুলীত অপৰিৱৰ্তিত বান পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নৈৰ বাঢ়নী পানীয়ে মাজুলীৰ উত্তৰ আৰু দক্ষিণপাৰৰ বিভিন্ন অঞ্চলত সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ উজনি মাজুলীৰ লুইতপৰীয়া গাঁও পঞ্চায়তৰ মথাউৰিৰ দাতিকাষৰীয়া আৰু চৰ অঞ্চলৰ প্ৰায় কুৰি খনৰো অধিক গাওঁ বানৰ কৱলত পৰিছে৷ বিগত কেইবাদিনো ধৰি দিয়া নেৰানেপেৰা বৰষুণৰ আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত বহু লোকৰ ঘৰ-বাৰী আৰু কৃষি পথাৰ বৰ্তমানো বানত বুৰ গৈ থকাৰ খবৰ পোৱা গৈছে৷ বানৰ কৱলত পৰি মথাউৰিৰ দাতিকাষৰীয়া গাওঁ লাচন, চিকাৰী গাঁও, লাচন ধূনাগুৰি, লাচন শিঙিমাৰী, লাচন বালিগাওঁ, লাচন চাপৰি, চিকাৰী বালিপট্টি, কান্ধুলীমাৰী, কপাহতলি, বাহিৰ মোৱামাৰী, বনৰীয়া চাপৰি, চিকাৰী ভগনীয়াকে ধৰি প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ জনসাধাৰণে বিগত কেইবাদিনো ধৰি পানীৰ মাজতে আৱদ্ধ হৈ জীৱন নিৰ্বাহ কৰিব লগা হৈছে৷ ইয়াৰোপৰি ৰতনপুৰ গায়ন গাওঁ পঞ্চায়তৰ এক নং বনৰীয়া চাপৰি, দুই নং বনৰীয়া চাপৰি, গ্ৰেজিং চিনাতলি, মেৰাগড় আদি গাওঁসমূহ সম্পুৰ্ণ বানত বুৰ গৈছে৷ আনহাতে অপৰিৱৰ্তিত বান পৰিস্থিতিৰ বাবে কৃষিজীৱি পৰিয়ালৰ লোকসকলে গৰু, ছাগলী, গাহৰি আদিৰ লগতে সহৱস্থান কৰিব লগা হৈছে৷ পশুপালনৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালৰ লোকসকলে বিপদসংকুলভাৱে টুলুঙা নাওঁ, কলৰ ভূৰ আদিৰে চাপৰিৰ বিভিন্ন ঠাইৰ পৰা ঘাঁহ কাটি পশুধনক যোগান ধৰিছিল যদিও ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগে  ঘাঁহসমূহো পানীত বুৰ যোৱাৰ ফলত পশুধনসমূহক খাদ্য যোগান ধৰাত জটিলতাই দেখা দিয়াৰ উপৰি দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱতো কিছু কিছু বন্যাতই অনিহাৰে দিন পাৰ কৰিব লগা হৈছে৷ ইয়াৰোপৰি চৰাঞ্চলৰ বহু লোকে তেওঁলোকৰ আহু খেতি চপাব নোৱাৰি মূৰে-কপালে হাত দিছে৷ কিছু কিছু লোকে আহু খেতি চপাইছিল যদিও বানৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগে লগে ধানৰ মুঠিসমূহ নাও, কলৰ ভূৰেৰে মথাউৰিলৈ আনি মথাউৰিৰ ওপৰতে শুকুওৱাৰ ব্যৱস্থা কৰিছে৷ উল্লেখ্য যে জিলা সদৰৰ পৰা প্ৰায় চল্লিশ কিলোমিটাৰ নিলগত অৱস্থিত উক্ত অঞ্চলটোত বৰ্তমানলৈকে জিলা প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় জনসাধাৰণে৷ বিগত কেইবাদিনো ধৰি বানৰ মাজত আৱদ্ধ হৈ থকা লোকসকলে বৰ্তমানলৈকে কোনোধৰণৰ বান সাহাৰ্য নোপোৱাৰো অভিযোগ তুলিছে৷ এই ক্ষেত্ৰত বানৰ কৱলত পৰা লোকসকলক শীঘ্ৰে বান সাহাৰ্যৰ লগতে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলৰ জনসাধাৰণ আৰু সচেতন মহলে মাজুলী জিলা প্ৰশাসনক আহ্বান জনাইছে৷ ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত চৰ-চাপৰিসমূহত বানৰ ফলত কিছু কিছু লোকৰ শাক-পাচলিকে ধৰি কৃষিভূমিও প্লাৱিত হোৱাৰ খবৰ পোৱা গৈছে। ইফালে ক্ৰমাত বৃদ্ধি পোৱা বানৰ ফলত কৃষিজীৱি লোকসকলে তেওঁলোকৰ পোহনীয়া হাঁহ, কুকুৰা, গাঁহৰি, গৰু, ছাগলীকে ধৰি নিত্য প্ৰয়োজনীয়া সামগ্ৰীসমূহ নিৰাপদ ঠাইলৈ স্থানান্তৰিত কৰাৰ লগতে নিজেও বানৰ লগত মোকাবিলা কৰিবলৈ প্ৰস্তুতি চলাইছে। ব্ৰহ্মপুত্ৰৰ সুঁতিসমূহত পানী উপচি পৰাৰ ফলত চৰ-চাপৰিত বসবাস কৰা লোকসকলে নিত্য ব্যৱহাৰ্য সামগ্ৰী বজাৰ কৰি টুলুঙা নাওঁ, কলৰ ভুৰ আদিৰে পাৰাপাৰ হ’ব লগা হৈছে। বানৰ কৱলত পৰা লোকসকলক শীঘ্ৰে বান সাহাৰ্যৰ লগতে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলৰ জনসাধাৰণ আৰু সচেতন মহলে মাজুলী জিলা প্ৰশাসনক আহ্বান জনাইছে৷

প্ৰেৰক ৰূপজ্যোতি বৰা

Featured