ভূৰাগাঁৱত ইটাভাতাৰ ধোঁৱাই বিনষ্ট কৰিছে খেতিপথাৰ

নিয়মীয়া বাৰ্তা, ৬ মে’ : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰডোবাটুপ গাঁৱত সঁজাল ধৰা খেতিপথাৰ হঠাৎ মৰহি যাবলৈ ধৰাত কৃষকৰ মাজত হুৱাদুৱা লাগে। ঘটনা সন্দৰ্ভত ইতিমধ্যে কৃষকে অৱগত কৰিছে মৰিগাঁও জিলা কৃষি বিভাগক। কৃষি বিভাগৰ এটা সঁজাতী দলে খেতিপথাৰ পৰিদৰ্শন কৰিছে যদিও কৃষি বিভাগৰ দ্বাৰা সুফল নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে মাকৈ, বৰোধানৰ লগতে ওচৰে-পাঁজৰে থকা বাঁহগছ, আম-কঁঠাল গছ, ঢেঁকীয়া গছ, দূবৰি বন সকলো মৰহি যাবলৈ ধৰিছে। খেতিপথাৰৰ কাষতে থকা BSB ইটাভাতাৰ পৰা নিৰ্গত হোৱা ধোঁৱাই কৃষিপথাৰ নষ্ট কৰা বুলি সন্দেহ কৰিছে কৃষক ৰাইজে। সমগ্ৰ ঘটনা সন্দৰ্ভত সঠিক তদন্তৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে কৃষক ৰাইজে। উল্লেখ্য যে লাহৰীঘাট আৰু ভূৰাগাঁও অঞ্চলত প্ৰায় ২০টাকৈ ইটাভাতা কৃষিপ্ৰধান অঞ্চলত আছে । কাৰ আশীৰ্বাদত এই ইটাভাতাসমূহ কৃষিপ্ৰধান অঞ্চলত চলি আছে, ই এটা কোটিটকীয়া প্ৰশ্ন। মৰিগাঁও জিলা কৃষি বিভাগৰ ৰহস্যজনক ভূমিকাত ভূৰাগাঁও আৰু লাহৰীঘাট অঞ্চলৰ কৃষকসকল অধিক শংকিত হৈ পৰিছে।

প্ৰেৰক আবুল কালাম

Featured