পাশৱিক! ম্যানমাৰত জ্বলিল ৫,০০০ হিন্দুৰ বাসগৃহ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মে’ : বিদ্রোহী আৰু সেনাৰ তুমুল যুদ্ধত উত্তাল হৈ আছে ম্যানমাৰ৷ কেইবাটাও বিদ্রোহী গোটৰ তৰফৰ পৰা সেনাৰ বিৰুদ্ধে উমৈহতীয়াভাৱে যুদ্ধ আৰম্ভ কৰাৰ ফলত তীব্র সংকটৰ সন্মুখীন হৈছে ম্যানমাৰৰ সামৰিক চৰকাৰ৷ দেশখনৰ ৰাখাইন প্রদেশৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷ শেহতীয়াকৈ বিদ্রোহী আৰু সেনাৰ যুঁজৰ মাজতেই ৰাখাইন প্রদেশত সাম্প্রদায়িক ৰূপ লাভ কৰিছে সংঘর্ষই৷ বিভিন্ন সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি ৰাখাইন প্রদেশৰ বুথিডাউং অঞ্চলত পাঁচ সহস্রাধিক বৌদ্ধ আৰু হিন্দু ধর্মাৱলম্বী লোকৰ বাসগৃহ জ্বলাই দিয়া হৈছে৷ বাংলাদেশ সীমান্তৰ পৰা মাত্র ২৫ কিলোমিটাৰ নিলগত ঘৰ এৰি পলায়ন কৰিবলগীয়া হৈছে এই বৌদ্ধ আৰু হিন্দু ধর্মাৱলম্বী লোকসকলে৷ অতি পলমকৈ সংবাদ মাধ্যমৰ নজৰলৈ আহিলেও এতিয়াও মৰিশালিৰ নিঃস্তব্ধতা চলি আছে এই অঞ্চলটোত৷ উল্লেখনীয় যে এই অঞ্চলটো বিদ্রোহী গোট আৰাকান আর্মীৰ নিয়ন্ত্রণত আছে৷ পূর্বৰে পৰা আৰাকান আর্মীয়ে এই অঞ্চলটোৰ বাসিন্দাসকলৰ ওপৰত আতিশয্য চলাই অহা বুলি অভিযোগ উঠিছিল৷ উল্লেখনীয় যে এই হিন্দু আৰু বৌদ্ধ ধর্মাৱলম্বী লোকসকলৰ ঘৰ জ্বলোৱা কামত বাংলাদেশত থকা ৰহিংগ্যা শিবিৰৰ তৰুণসকলক নিয়োজিত কৰা হৈছিল বুলি সংবাদ মাধ্যমে দাবী কৰিছে৷ যোৱা ১১ৰ পৰা ২১ এপ্রিলৰ ভিতৰত এই ঘৰবোৰ জ্বলাই দিয়া হয়৷ ইয়াৰ বাসিন্দাসকল নিৰাপদ স্থানলৈ পলায়ন কৰাৰ পাছত এতিয়া অঞ্চলটো আৰাকান আর্মীৰ নিয়ন্ত্রণলৈ যোৱা বুলি দাবী কৰিছে একাংশ সংবাদ মাধ্যমে৷ সংবাদ মাধ্যমে উল্লেখ কৰা অনুসৰি স্থানীয় মুছলমান লোকসকলে বাথিডাউঙৰ এনে পাশৱিক ঘটনাত সহযোগিতা কৰা নাই৷ বৰঞ্চ হিন্দু আৰু বৌদ্ধ ধর্মাৱলম্বী লোকসকলক প্রাণ লৈ পলায়ন কৰাৰ ক্ষেত্রত সহায়হে কৰিছে স্থানীয় মুছলমানসকলে৷ ম্যানমাৰত সেনা আৰু বিদ্রোহীৰ যুদ্ধৰ মাজতে আৰাকান আর্মীয়ে হিন্দু আৰু বৌদ্ধ ধর্মাৱলম্বী লোকৰ ওপৰত চলোৱা আক্রমণে সৃষ্টি কৰিছে চাঞ্চল্য৷

Featured