BTCৰ পৰিষদীয় নিৰ্বাচনৰ ক্ষেত্ৰত আমি ১ মাৰ্চত সিদ্ধান্ত ল’মঃ ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ BTCৰ পৰিষদীয় নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত ১ মাৰ্চত বিজেপিয়ে ল’ব সিদ্ধান্ত। এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে যিহেতু BPFৰ লগত আমাৰ মিত্ৰতা আছেই আৰু যদিহে UPPL-এ যদি আমাৰ লগত আলোচনা কৰে তেন্তে আমি আলোচনা কৰিবলৈ সাজু। কিন্তু এই সন্দৰ্ভত আমি ১ মাৰ্চত এখন বৈঠকৰ আয়োজন কৰিছো এই বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ বিজেপিৰ নেতা কৰ্মী। এই বৈঠকতে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলিও মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।

          আনহাতে ৰাজ্যসভাৰ তৃতীয়খন আসন সন্দৰ্ভতো মন্তব্য ৰঞ্জিত দাসৰ। সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে মিত্ৰতাৰ ধৰ্ম পালন কৰি আমি এখন আসন BPFক দিম। আমাৰ হাতত থাকিব এখন আসন। তৃতীয়খন আসন দখল কৰা বাবে আমি চেষ্টা কৰিম কিন্তু যিহেতু কংগ্ৰেছ আৰু AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি গতিকে তেওঁলোকৰ প্ৰাৰ্থী হোৱাটো অথবা জয়যুক্ত হোৱাটো সম্ভাৱনা অধিক। কিন্তু বিজেপিৰ হাতত থকা এখন আসনৰ বাবে কোন প্ৰাৰ্থী হ’ব, সেই সন্দৰ্ভত সিদ্ধান্ত হোৱা নাই। এই বিষয়টো লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ লগত আলোচনা কৰি অতি শীঘ্ৰে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিম।

Comments (0)
Add Comment