বিটিচিত পৰিৱর্তনৰ বাবে বিজেপিক ভোট দিয়াৰ সংকল্প লৈছে ৰাইজে

গোৰেশ্বৰ–কলাইগাঁৱ বিশাল সভাত বিজেপি প্রার্থীৰ হৈ সোণোৱালৰ প্রচাৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ বিটিচি নির্বাচনলৈ মাজত মাত্র তিনি দিন বাকী থকা অৱস্থাত উত্তপ্ত হৈ পৰিছে নির্বাচনী বতাহ৷ আজি বাক্সা জিলাৰ ৩০নং গোৰেশ্বৰ পৰিষদীয় সমষ্টি আৰু ২৯নং শুক্লাই ছেৰফাং সমষ্টিৰ প্রার্থী গজেন্দ্র বডো আৰু ৰণেন নার্জাৰীৰ হৈ নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে বি টি আৰত বিজেপিয়ে নতুন সংকল্প লৈছে৷ বিটিচিত বিজেপি চৰকাৰ গঠনৰ আনুষ্ঠানিকতাহে বাকী৷ সম–ধিকাৰ, সমমর্যাদা, সম–উন্নয়নেই হ’ব বিজেপিৰ মূল লক্ষ্য৷ বিটিচি নির্বাচন সম্পূর্ণ মুক্ত আৰু স্বচ্ছ হ’ব৷ ভয় কৰিবলগীয়া কোনো কাৰণ নাই৷ বি টি আৰৰ সকলো সুবিধা লাভ কৰাৰ বাবে মুক্তমনে অহা ৭ তাৰিখে পদুম ফুলত ভোট দিয়ক৷ পৰিয়ালৰ ভৱিষ্যৎ উজ্জ্বল কৰক৷ বি টি আৰত চৰকাৰ গঠন কৰাৰ পাছত ভাৰতবর্ষৰ বুকুত বি টি আৰৰ চাৰিখন জিলাক গুৰুত্বপূর্ণ অঞ্চল হিচাপে গঢ় দিয়া হ’ব৷ শিক্ষা, সংস্কৃতি, উদ্যোগ, ক্রীডা, যাতায়াত ব্যৱস্থা, বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগতে ইয়াত বসবাস কৰা সকলো জনগোষ্ঠীক মর্যাদা সহকাৰে উন্নয়নৰ দিশত আগুৱাই নিয়াৰ দায়িত্ব ভাৰতীয় জনতা পার্টীৰ৷ এবাৰ উন্নয়নৰ বাবে বিজেপিক সুযোগ দিয়ক আৰু উন্নয়ন দোপতদোপে আগুৱাই যোৱাৰ সুযোগ গ্রহণ কৰক বুলি উপস্থিত ৰাইজক আহ্বান জনায় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ দিনৰ ৩ বজাৰ পৰা গান্ধী চ’কত আৰম্ভ হোৱা নির্বাচনী সভাত আদৰণী ভাষণ দিয়ে মন্ত্রী ভবেশ কলিতাই৷ আদৰণী ভাষণত তেওঁ কয়– বিটিচি হ’ল এখন বাগিচা৷ এই বাগিচাত সকলো ফুল থাকিব লাগিব৷ এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ৷ ১৫ বছৰে বিটিচিবাসীয়ে কান্দিলে৷ এইবাৰ হহাহিব৷ দুর্নীতিৰ অৱসান ঘটিব ১৬ তাৰিখৰ পাছত৷ দানৱসকলক ভূটান পাহাৰত পঠিয়াব বুলি তেওঁ কয়৷ সভাত সদ্য বি পি এফ ত্যাগী ইমানুৱেল মুছাহাৰীয়ে কয়– যোৱা ১৭টা বছৰে পিঠাৰ ভাগ পাম বুলি বি পি এফত ৰৈ আছিলোঁ৷ কিন্তু হাগ্রামা মহিলাৰীয়ে সেই সুযোগ কাকো নিদিয়ে৷ যোৱা ১৭ বছৰে এখনো কলেজ স্থাপন কৰিব নোৱাৰিলে৷ হাস্পতাল স্থাপন কৰিব নোৱাৰিলে৷ বি পি এফ কেৱল ভাষণ আৰু প্রতিশ্রুতিৰ ফুলজাৰি মৰা দল৷ বিটিচিত অৰাজকতা হৈছে৷ ৰাইজ অতিষ্ঠ হৈছে৷ এইবাৰ ৰাইজে পৰিৱর্তন বিচাৰিছে৷ আনহাতে, তামুলপুৰ মহকুমাত প্রথমবাৰৰ বাবে বি পি এফে এখনো আসন নাপায় বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায় ইমানুৱেল মুছাহাৰীয়ে৷ সভাত উপস্থিত থাকে ২৯নং শুক্লাই ছেৰফাং সমষ্টিৰ প্রার্থী ৰণেন নার্জাৰী, ৩০নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প্রার্থী গজেন্দ্র চন্দ্র বডো, ভাৰতীয় জনতা পার্টীৰ ৰাজ্যিক সমিতিৰ উপ–সভাপতি জয়ন্ত মল্ল বৰুৱা, সাংসদ তপন গগৈ আদি নেতা৷
কলাইগাঁৱত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ প্রচাৰঃ
‘পৰিৱর্তনৰ বাবে বিজেপিক ভোট দিয়াৰ সংকল্প লওক’
প্রথম পর্যায়ৰ বিটিচি পৰিষদীয় নির্বাচনলৈ মাজত মাথোঁ তিনি দিন বাকী থকা অৱস্থাত আজি কলাইগাঁৱত আয়োজিত বিশাল নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়– বিটিচিত বসবাস কৰা বিভিন্ন ভাষা–ভাষী, জাতি–জনগোষ্ঠীৰ বাবে গুৰুত্বপূর্ণ নির্বাচন৷ এই নির্বাচনৰ জৰিয়তে বিটিচিবাসী প্রতিগৰাকী লোকে আগন্তুক দিনত নিজৰ ভৱিষ্যৎ নিৰূপণ কৰিব লাগিব৷ বিটিচিত বসবাস কৰা প্রতিটো জাতি, জনগোষ্ঠীয়ে যাতে সন্মান সহকাৰে নিজৰ নিজৰ কৃষ্টি–সংস্কৃতি, ভাষা–সাহিত্য, ঐতিহ্য জীয়াই ৰাখিব পাৰে লগতে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত হয়, সেই লক্ষ্যৰে ভাৰতীয় জনতা পার্টীয়ে বিটিচি নির্বাচনত আত্মপ্রকাশ কৰিছে৷ ভাষণ প্রসংগত তেওঁ কয়– সমাজৰ লগত নিজৰ জীৱনলৈ পৰিৱর্তন অনাৰ বাবেই এইবাৰ বিজেপিক ভোট দিবলৈ সংকল্প গ্রহণ কৰা উচিত৷ বিগত নির্বাচনতকৈ এইবাৰৰ নির্বাচন সম্পূর্ণ মুক্ত আৰু নিকা হ’ব৷ ভয় খোৱাৰ কোনো কাৰণ নাই৷ সকলোৱে মুক্তমনে নির্বাচনত অংশগ্রহণ কৰিব পাৰিব৷ ইতিমধ্যে ৰাজ্য চৰকাৰে তাৰ সকলো ব্যৱস্থা গ্রহণ কৰিছে৷ তদুপৰি তেওঁ কয় যে বিটিচি অঞ্চলত বহু সম্পদৰ প্রচুৰ সম্ভাৱনা শক্তি আছে৷ কিন্তু পূর্বৰ চৰকাৰে এই কাম কৰাৰ নূ্যনতম সততা প্রদর্শন নকৰিলে৷ যাৰ কাৰণে বিটিচিৰ চাৰিখন জিলা বহু পিছপৰি থাকিব লগা হ’ল৷ সেয়ে বিজেপি নেতৃত্বাধীন বিটিচি চৰকাৰ আহিলে আগন্তুক দিনত সকলো জাতি–জনগোষ্ঠীক মান–সন্মান, মর্যাদা সহকাৰে জীয়াই থকাৰ বাবে সর্বোচ্চ শক্তি প্রয়োগ কৰাৰ উপৰি সুস্থ সামাজিক ব্যৱস্থা, অর্থনৈতিক উন্নয়ন, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত প্রদান কৰিব৷ আনহাতে, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ অন্যতম ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই বি পি এফ তথা হাগ্রামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰি কয়– বি পি এফৰ দিনত আবাল–বৃদ্ধসকলেও নিজৰ প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিল৷ ভি চি ডি চিৰ দায়িত্বত থকা নেতা–পালিনেতাসকলে পইচাৰ বিনিময়ত ইন্দিৰা আৱাস, প্রধানমন্ত্রী আৱাসকে ধৰি বিভিন্ন আঁচনিৰ অনুমোদন কৰাৰ ফলত দুখীয়া লোকসকল প্রাপ্যৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছিল৷ সেয়ে বিটিচিত বিজেপি চৰকাৰ হ’লে এক পইচাও নোলোৱাকৈ আঁচনিসমূহৰ অনুমোদন দিয়া হ’ব৷ তদুপৰি তেওঁ পঞ্চাশ হাজাৰ মহিলা আত্মসহায়ক গোটক পঞ্চাশ হাজাৰকৈ এককালীনকৈ সাহায্য দিয়া হ’ব বুলিও ঘোষণা কৰে৷ ইপিনে সভাখনত গুৱাহাটী লোকসভা সমষ্টিৰ সংসদ কুইন ওজা, শিৱসাগৰ লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, অভিনেতা যতীন বৰা, কণ্ঠশিল্পী বিদ্যাসাগৰ, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া প্রমুখ্যে কেইবাগৰাকীও দলীয় নেতাই বি পি এফক সমুলঞ্চে উৎখাত কৰি বিজেপিক ভোট দি সম–ধিকাৰ, সমমর্যাদা আৰু নিজৰ জীৱন আৰু সম্পত্তি সুনিশ্চিত কৰিবলৈ আহ্বান জনায়৷

Featured