ঘোষণা হ’ল বিটিচি নির্বাচনৰ তাৰিখ; দুটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সাময়িকভাৱে স্থগিত ৰখা বিটিচি নির্বাচনৰ দিন ঘোষণা কৰা হ’ল। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আজি ঘোষণা কৰে BTC নিৰ্বাচনৰ দিন। সেই অনুসৰি দুটা পৰ্যায়ত ভোটগ্ৰহণ হ’ব বিটিচিত ।

প্ৰথম পৰ্যায়ত ৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। বিপৰীতে ১০ ডিচেম্বৰত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

প্ৰথম পৰ্যায়ত ওদালগুৰি আৰু বাক্সাত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। আনহাতে দ্বিতীয় পৰ্যায়ত কোকৰাঝাৰ আৰু চিৰাংত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

লগতে পঢ়কঃ এটা পাৰ চৰাই; যি বিক্ৰী হ’ল ১৪ কোটি টকাত… কিন্তু কিয়?

ইপিনে ভোটগ্ৰহণ প্ৰক্ৰিয়াত যদি কিবা বিসংগতি হয়, তেন্তে ৮ আৰু ১১  ডিচেম্বৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব বুলিও জনা গৈছে।

ইফালে ১২ ডিচেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।

উল্লেখ্য যে বিটিচিত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে যোৱা ১১ মার্চত ৰাজ্যিক নির্বাচন আয়োগে অধিসূচনা জাৰি কৰিছিল৷ ৪ এপ্রিলত ভোটগ্রহণৰ দিন ধার্য কৰা হৈছিল৷ সমান্তৰালভাৱে মনোনয়ন–পত্র দাখিলৰ প্রক্রিয়াও সম্পন্ন হৈছিল৷ কিন্তু ক’ভিড–১৯ৰ সংক্রমণে ৰাজ্যত গুৰুতৰ ৰূপ ধাৰণ কৰাত বিটিচি নির্বাচন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে আয়োগে৷

Featured