CAAৰ শুনানিক লৈ আছুৰ প্ৰতিক্ৰিয়া

কি ক'লে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ এই সন্দৰ্ভত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে আছু আৰু NESUয়ে CAAখন স্থগিত আৰু বাতিল কৰিব লাগে উচ্চতম ন্যায়ালয়ত জনাইছিল। আজি শুনানিত CAAখন ৫জনীয়া সংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। ১৪৪খন আৱেদনৰ ওপৰত ন্যায়ালয়ে কেন্দ্ৰক ৪ সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশনা দিছে । ৫ম সপ্তাহত পুনৰ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব এই শুনানি তিনিজনীয়া বিচাৰপীঠ নহলে ৫জনীয়া সাংবিধানিক বিচাৰপীঠে গ্ৰহণ কৰিব। আজি ন্যায়ালয়ে CAAখন স্থগিতকৰণৰ নিৰ্দেশ দিয়া নাই। পৰবৰ্তী শুনানিত স্থগিতকৰণৰ বিষয়ত শুনানি গ্ৰহণ কৰিব। ন্যায়ালয়ৰ আশা এই সময়ছোৱাত চৰকাৰে কাৰ্যকৰী নকৰে CAA। আনহাতে উত্তৰ-পূবত বিদেশী প্ৰব্ৰজনৰ বিষয়টো বেলেগ আৰু সেয়ে ন্যায়ালয়ে সমগ্ৰ বিষয়টো সুকীয়াকৈ শুনানি লোৱাৰ সিদ্ধান্ত লৈছে। আজি ন্যায়ালয়ত অসম চুক্তিৰ প্ৰাসংগিকতা সন্দৰ্ভত অসমৰ লগতে ভাৰতৰ বিভিন্ন অধিবক্তাই যুক্তি সহকাৰে উপস্থাপন কৰিছে। CAA স্থগিতকৰণ আৰু বাতিল কৰাক লৈ আছু আৰু NESUৰ এই আবেদন বাহাল থাকিব। পুনৰ ৫ম সপ্তাহৰ শুনানিত আমাৰ অধিবক্তাই বিষয়বোৰ যুক্তিসহকাৰে উত্থাপন কৰিব।

      আনহাতে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্য়োতি গগৈয়ে কয় যে অসম-ত্ৰিপুৰাক বিশেষভাৱে গুৰুত্ব দিছে উচ্চতম ন্যায়ালয়ে। অসমৰ বিষয়টো যোগাত্মকভাৱে গুৰুত্ব দিছে সেয়ে অসমৰ বিষয়ে পৃথককৈ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। আমাৰ আশা উচ্চতম ন্যায়ালয়ে আমাক ন্যায় দিব।

আছুৰ প্ৰতিক্ৰিয়া
Comments (0)
Add Comment