CAA বিৰোধিতা কৰা একাংশ কলেজৰ শিক্ষকক উদ্দেশ্যি কি ক’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

আৱেগে এটা জাতিৰ ভবিষ্যত পৰিবৰ্তন কৰিব নোৱাৰেঃ মন্ত্ৰী ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ অসমৰ বহু কলেজ শিক্ষকে CAAৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে। কিন্তু আমি CAA সন্দৰ্ভত কেইখন শৈক্ষিক আলোচনাচক্ৰ কৰিলো, এই আইনখনক লৈ আমি কেইটা কথা জানিলো? কলেজ শিক্ষক সন্থা ৰাজপথত নামি পৰিছে তাত আমাৰ আপত্তি নাই কিন্তু ১হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত যদি তেনে শিক্ষকক ভাষণ দিব কোৱা হয় তেন্তে সেই অধ্যাপক জনে বৌদ্ধিক ভাষণ দিয়াৰ ক্ষমতা আহৰণ কৰিছে নে নাই? মই নিশ্চিত যে অসমত  এখনো বৌদ্ধিক আলোচনাচক্ৰ হোৱা নাই। যদিহে বৌদ্ধিক আলোচনা হ’ল হয় তেন্তে আমি কেতিয়াও নক’লো হয় যে অসমলৈ ২.৫০ কোটি মানুহ আহিব আৰু CAA সন্দৰ্ভত বহু প্ৰশ্নই উত্তৰ পালো হয়। আমি আৱেগৰ লগত জড়িত হৈ পৰো আৰু যুক্তিৰ পৃথিৱীখন নিলগাই ৰাখো। একবিংশ শতিকাত অসমীয়া যদি এটা মহান জাতি হ’ব লাগে তেন্তে আমাৰ সমাজখন আৱেগৰ ভিত্তিত নহয় যুক্তিৰ পৃথিবীখনৰ সন্ধান আমি উলিয়াব লাগিব। আৱেগে বিজেপি চৰকাৰৰ পৰিবৰ্তন কৰিব পাৰিব কিন্তু আৱেগে এটা জাতিৰ ভবিষ্যত কেতিয়াও পৰিবৰ্তন কৰিব নোৱাৰে।জাতিৰ ভৱিষ্যত পৰিবৰ্তন কৰিব লাগিলে সেয়া যুক্তিৰ আধাৰত আৰু নিশ্চিত আদৰ্শৰ লগত জড়িত হ’ব লাগিব বুলি মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

Comments (0)
Add Comment