CABৰ বিৰুদ্ধে তিনিচুকীয়াত প্ৰতিবাদ

AASU-AJYCPৰ ত নেতৃত্বত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ  CABৰ বিৰুদ্ধে ৰাজ্য অগ্নিগৰ্ভা হৈ থকাৰ সময়তে তিনিচুকীয়াত AASU-AJYCPৰ ত নেতৃত্বত প্ৰতিবাদী সমদল। চৰকাৰ বিৰোধী শ্লগানৰে উত্তাল ৰাইপথ। প্ৰতিবাদত অংশ গ্ৰহণ কৰিছে সাধাৰণ জনতাই। কোনো কাৰণতে CAB মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। প্ৰয়োজনত আইনী যুঁজত অৱতীৰ্ণ হোৱাৰ মত পোষণ কৰে আছু- AJYCPৰ নেতৃত্বই। আনহাতে যোৰহাটতো AASU-AJYCPৰ নেতৃত্বত প্ৰতিবাদ। প্ৰতিবাদত অংশ লৈছে বহু জ্যেষ্ঠ নাগৰিকে।

CABৰ বিৰুদ্ধে প্ৰতিবাদ
Comments (0)
Add Comment